নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দম্পতীক ব্রিটেইনত ৩৩ বছৰ জে’ল

বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : সম্পত্তিৰ পাহাৰ ! ধনৰ লোভত গুজৰাটত নিজৰ পালিত সন্তানক হত্যা ! বিগত কেইবাবছৰো ধৰি বিদেশলৈ কোটি কোটি টকাৰ ড্রাগ্ছ সৰবৰাহ ! এনেধৰণৰ একাধিক অভিযোগ আছিল ভাৰতীয় বংশোদ্ভৱ এক দম্পতীৰ বিৰুদ্ধে৷ এইবাৰ লণ্ডন নিৱাসী এই দম্পতীক ৩৩ বছৰৰ কাৰাদণ্ড দিলে ব্রিটেইনৰ আদালতে৷ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, ৫৯ বছৰীয়া আৰতি ধীৰ আৰু তেওঁৰ স্বামী ৩৫ বছৰীয়া কাবালজিত সিং ৰায়জাদা লণ্ডনৰ বাসিন্দা৷ স্বামী–স্ত্রী দুয়ো উৰণ সংস্থাত চাকৰি কৰিছিল৷ বিমানবন্দৰ বা বিমানত বিভিন্ন সামগ্রী পৰিবহণৰ পদ্ধতি সম্পর্কে তেওঁলোকৰ যথেষ্ট জ্ঞান আছিল৷ ইয়াক কামত লগাই প্রশাসনৰ চকুত ধূলি দি ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত অষ্ট্রেলিয়ালৈ প্রায় ৭০ কোটি ডলাৰৰ ড্রাগ্ছ সৰবৰাহ কৰিছিল আৰতি আৰু কাবালজিতে৷ এনেধৰণে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল অপৰাধী এই দম্পতীয়ে৷ ২০২১ চনত ছিডনীত এই দম্পতীৰ পৰা অষ্ট্রেলিয়ান সীমান্ত বাহিনীয়ে প্রায় ৬০০ কোটি টকা মূল্যৰ কোকেইন বাজেয়াপ্ত কৰিছিল৷  তাৰ পিছতে অষ্ট্রেলিয়াৰ তৰফৰ পৰা ব্রিটেইনৰ অপৰাধ দমন সংস্থা এন চি এক সতর্ক কৰা হয়৷ ইয়াৰ পিছতে তদন্ত চলাই এন চি এই ২০২১ চনতে দুয়োকে গ্রেপ্তাৰ কৰে৷ শেহতীয়াকৈ গোচৰৰ ৰায়দান কৰিছে আদালতে৷

You might also like