বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অংগনৱাড়ী, আশাকৰ্মী-সহায়িকাসকলে চিকিৎসা সেৱা লাভ কৰিব। বৃহস্পতিবাৰে বাজেট দাখিলৰ সময়ত এই ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। উল্লেখ্য যে আজি মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ শেষৰখন বাজেট অধিৱেশনত অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিত্তমন্ত্ৰীগৰাকীৰ এই ঘোষণাত বহুসংখ্যক লোক উপকৃত হোৱাৰ সম্ভাৱনা আছে। সীতাৰমণে কয়- “আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত স্বাস্থ্য আৱৰণ সকলো আশা আৰু অংগনৱাড়ী কৰ্মী আৰু সহায়িকলৈ সম্প্ৰসাৰিত কৰা হ’ব।”
Prev Post
You might also like