পাকিস্তানক দেশৰ গোপন তথ্য যোগান : মস্কোস্থিত ভাৰতীয় দূতাৱাসৰ কর্মীক গ্রেপ্তাৰ আৰক্ষীৰ
বিশেষ বাৰ্তা, ৫ ফেব্রুৱাৰী : পাকিস্তানৰ হৈ গুপ্তচৰ বৃত্তিৰ অভিযোগত গ্রেপ্তাৰ হ’ল ভাৰতীয় দূতাৱাসৰ কর্মী৷ সূত্রই সদৰী কৰা অনুসৰি, মস্কোস্থিত ভাৰতীয় দূতাৱাসত কর্মৰত আছিল উত্তৰ প্রদেশৰ এই ব্যক্তিজন৷ নিজৰ পদমর্যাদাক কামত লগাই ভাৰতীয় সেনাৰ গোপন তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হাতত তুলি দিছিল ব্যক্তিজনে৷ উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাস দমন শাখাৰ নজৰত আছিল এই কর্মীজন৷ কালি মস্কোৰ দূতাৱাসৰ কর্মীজনক উত্তৰ প্রদেশৰ পৰা গ্রেপ্তাৰ কৰা হৈছে৷ অভিযুক্তৰ নাম সত্যেন্দ্র শিৱাল৷ ৰাছিয়াৰ দূতাৱাসত মাল্টিটাস্কিং ষ্টাফ হিচাপে কর্মৰত আছিল সত্যেন্দ্র৷ নিজৰ পদমর্যাদাক কামত লগাই সত্যেন্দ্রেই দূতাৱাসৰ সমস্ত গুৰুত্বপূর্ণ নথি–পত্র বাহিৰ কৰিছিল৷ ইয়াৰ পিছত এই নথি বৃহৎ অংকৰ ধনৰ বিনিময়ত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হাতত তুলি দিছিল৷ মূলতঃ তিনিধৰণৰ তথ্য সৰবৰাহ কৰিছিল অভিযুক্ত সত্যেন্দ্রই ৷ প্রতিৰক্ষা আৰু বিদেশ মন্ত্রণালয়ৰ পৰিকল্পনাৰ কথা আগতীয়াকৈ ফাদিল কৰি দিছিল সত্যেন্দ্রই৷ ইয়াৰ উপৰি দেশৰ বিভিন্ন সীমান্তত সেনা মোতায়েন সম্পর্কীয় তথ্যও আই এছ আইক যোগান ধৰিছিল অভিযুক্ত কর্মীগৰাকীয়ে৷ ভাৰতীয় চোৰাংচোৱাই অনুমান কৰা অনুসৰি দীর্ঘদিন ধৰি দেশৰ গোপন তথ্য আই এছ আইক যোগান ধৰি আহিছিল সত্যেন্দ্রই৷