নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা সমূহীয়া বিয়াৰে চৰকাৰী ধন আত্মসাৎ

🔹 ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ১৫জনক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৫ ফেব্রুৱাৰী : যোগীৰাজ্য উত্তৰ প্রদেশত বিবাহ বিভ্রাট ! চৰকাৰী প্রকল্পৰ ধন সৰকাবলৈ ভুৱা সমূহীয়া বিবাহৰ আয়োজন কৰাৰ অভিযোগ উঠিল উত্তৰ প্রদেশৰ দুগৰাকী বিষয়াৰ বিৰুদ্ধে৷ সূত্রই সদৰী কৰা অনুসৰি, ধন দি ভুৱা দৰা–কইনাৰ ব্যৱস্থা কৰিছিল এই চৰকাৰী বিষয়া দুগৰাকীয়ে৷ সেই অনুষ্ঠানৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পোহৰলৈ আহিছে সমূহীয়া বিবাহৰ দুর্নীতিৰ খবৰ৷ যোৱা ২৫ জানুৱাৰীত উত্তৰ প্রদেশৰ বালিয়াত এই সমূহীয়া বিবাহৰ আয়োজন কৰা হৈছিল৷ বিবাহ অনুষ্ঠানলৈ মুখ্য অতিথি হিচাপে আমন্ত্রণ জনোৱা হয় বিজেপি বিধায়ক কেট্কী সিঙক৷ কিন্তু এই বিবাহ অনুষ্ঠানত দেখিবলৈ পোৱা যায় যে মহিলাসকলে কইনা সাজি নিজেই নিজৰ ডিঙিত মালা পৰিধান কৰিছে৷ অধিকাংশ দৰাৰ মুখ ঢাকি ৰখা অৱস্থাত আছিল৷ সমূহীয়া বিবাহ অনুষ্ঠান যিসকলে চাবলৈ গৈছিল, তেওঁলোককো বিয়াত বহুৱাই দিয়াৰ অভিযোগ উঠিছে৷ এই বিয়াত বহিলে ৫০০ৰ পৰা ২০০০ টকা পুৰস্কাৰৰ প্রতিশ্রুতিও দিছিল আয়োজকসকলে৷ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই বিয়াৰ ভিডিঅ’৷ উল্লেখনীয় যে উত্তৰ প্রদেশত সমূহীয়া বিবাহৰ বিশেষ আঁচনি আছে ৷ প্রতিখন বিয়াৰ বাবে ৫১ হাজাৰকৈ টকা সাহায্য আগবঢ়ায় চৰকাৰে৷ ইয়াৰ ভিতৰত ৩৫ হাজাৰ টকা দিয়া হয় কইনাৰ হাতত৷ বাকী ১০,০০০ টকাৰে বিয়াৰ যাৱতীয় সামগ্রী ক্রয় কৰাৰ উপৰি ৬,০০০ টকাত বিয়াৰ সমস্ত নিয়ম সম্পন্ন কৰা হয়৷ প্রাথমিকভাৱে অনুমান কৰা হৈছে যে এই টকা আত্মসাতৰ বাবেই ভুৱা সমূহীয়া বিবাহৰ আয়োজন কৰা হৈছিল৷ ৫৬৮গৰাকী দৰা–কইনাৰ বিয়াৰ আয়োজন কৰা হৈছিল যদিও ইয়াৰ ভিতৰত ১৯০গৰাকীয়েই আছিল ভুৱা দৰা–কইনা৷ অভিযোগ অনুসৰি, দুই সন্তানৰ মাতৃ হৈও এগৰাকী মহিলাই এই সমূহীয়া বিবাহত অংশ লৈছিল৷ শেহতীয়াকৈ ১৫গৰাকী আয়োজকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

You might also like