নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশলৈ ৫২ উপগ্রহ প্রেৰণৰ ‘ব্লুপ্রিণ্ট’ ভাৰতৰ

🔹 অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তান–চীনৰ ওপৰত চোকা নজৰ

নিউজ ডেস্ক, ১ জুলাই : পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ পাছত দুই প্রতিবেশী ৰাষ্ট্রৰ ওপৰত কঠোৰ নজৰ ভাৰতৰ৷ চীন আৰু পাকিস্তানৰ গতিবিধিৰ ওপৰত প্রতি মুহূর্ততে নজৰ ৰাখিবলৈ মহাকাশলৈ ৫২টা সামৰিক কৃত্রিম উপগ্রহ প্রেৰণ কৰিব ভাৰতে৷ বিগত বর্ষৰ অক্টোবৰ মাহত এই প্রকল্পত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অনুমোদন দিছিল যদিও অপাৰেচন সিন্দূৰৰ পাছত এই প্রকল্প ক্ষিপ্রতাৰে আগবঢ়াই নি আছে৷ প্রকল্পৰ আনুমানিক খৰচ ২৬,৯৬৮ কোটি টকা৷

তথ্য মতে, ২০২৬ বর্ষৰ এপ্রিল মাহত এই প্রকল্পৰ প্রথম উপগ্রহটো উৎক্ষেপণ কৰা হ’ব৷ ২০২৯ চনৰ মাজভাগলৈ ৫২টা সামৰিক উপগ্রহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰিব৷ ৫২টা কৃত্রিম উপগ্রহৰ ভিতৰত ২১টা ইছৰ’ৱে নির্মাণ কৰিব৷ বাকী ৩১টা কৃত্রিম উপগ্রহ নির্মাণৰ দায়িত্ব দিছে তিনিটা বেচৰকাৰী সংস্থাক৷ সমগ্র প্রকল্পটো সম্পূর্ণ কৰিবলৈ দায়িত্ব দিয়া হৈছে প্রতিৰক্ষা মহাকাশ সংস্থা, চমুকৈ ডিএছএক৷ অত্যাধুনিক এই ৫২টা কৃত্রিম উপগ্রহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰাৰ পাছত চীন আৰু পাকিস্তানৰ লগতে ইয়াৰ সমীপৱর্তী ভাৰত মহাসাগৰৰ এটা অংশতো নজৰ দিব পাৰিব ভাৰতে৷ অতি কম সময়ৰ ভিতৰতে এটা নির্দিষ্ট স্থানত একাধিক আলোকচিত্র এই উপগ্রহবোৰে পঠিয়াব৷ পূর্বৰ সকলো উপগ্রহতকৈ নতুনকৈ স্থাপন কৰিবলগীয়া কৃত্রিম উপগ্রহৰ আলোকচিত্র উন্নত মানৰ হ’ব৷ সামৰিক অভিযানৰ ক্ষেত্রত এই অত্যাধুনিক প্রযুক্তিৰে নির্মিত উপগ্রহই সামৰিক বাহিনীক অধিক সহায় কৰিব৷

উল্লেখ্য যে যোৱা ৭ মে’ৰ পৰা ১০ মে’লৈকে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানী সেনাৰ গতিবিধি পর্যবেক্ষণৰ বাবে ভাৰতে দেশীয় উপগ্রহ আৰু বিদেশী বাণিজ্যিক উপগ্রহ ব্যৱহাৰ কৰিছিল৷ এই উপগ্রহ নির্দিষ্ট সময় মতে পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰিব পাৰিলে ভাৰতৰ বাবে অতি সুবিধাজনক হৈ উঠিব৷

You might also like