সিন্ধু নদীৰ পানী বন্ধ কৰিলেই ই যুদ্ধসম : পাক
নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ পানী যুদ্ধ। সিন্ধু নদীৰ পানী বন্ধ কৰিলে ভাৰতে। জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন নিৰীহ ভাৰতীয়ক নৃশংসভাৱে হত্যা কৰাৰ পিছত ভাৰতে পাকিস্তানক পাঠ শিকাবলৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত ঘোষণা কৰে। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকৰ অন্তত সিন্ধু নদীৰ পানী জল সন্ধি বন্ধ কৰাকে ধৰি পাঁচটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতে এই কঠোৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে আজি পাকিস্তান চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠক আহ্বান কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকতো অংশগ্ৰহণ কৰে তিনিওজন সেনা প্ৰধানে।
এন এছ চিৰ বৈঠকৰ পাছত পাকিস্তানে গ্ৰহণ কৰে কেইবাটাও প্ৰতিশোধমূলক সিদ্ধান্ত। ভাৰতে ৱাঘা সীমান্ত বন্ধ কৰাৰ ঘোষণাৰ প্ৰতি সঁহাৰি জনাই পাকিস্তানেও ৱাঘা সীমান্ত বন্ধ কৰাৰ কথা ঘোষণা কৰে। যেতিয়া ভাৰতে পাকিস্তানক দেশ এৰি যাবলৈ পৰামৰ্শ জাৰি কৰিছিল তেতিয়া পাকিস্তানেও দেশখনত উপস্থিত থকা সকলো ভাৰতীয়কে ৩০ এপ্ৰিলৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ জাৰি কৰে। পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠকত বহু সিদ্ধান্ত লোৱা হৈছিল। পাকিস্তানে কয় যে যদি ভাৰতে পানী বন্ধ কৰে তেন্তে ইয়াক যুদ্ধ বুলি গণ্য কৰা হ’ব।
ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ ভিছা সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে SAARC ভিছা আঁচনিৰ অধীনত ভাৰতীয়ক প্ৰদান কৰা সকলো ভিছা বাতিল কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানত থকা সকলো ভাৰতীয়কে ৪৮ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।
পাকিস্তানেও ভাৰতৰ সৈতে হোৱা সকলো দ্বিপাক্ষিক চুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিলে। পাকিস্তানেও ছিমলা চুক্তি বন্ধ কৰি দিলে। পাকিস্তানেও বন্ধ কৰি দিলে ৱাঘা সীমান্ত পাকিস্তানে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিলে। পাকিস্তানে দেশত উপস্থিত থকা সকলো ভাৰতীয়কে ৩০ এপ্ৰিলৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ জাৰি কৰিছে। ২৪ কোটি পাকিস্তানীৰ জীৱনৰেখা হৈছে সিন্ধুৰ পানী।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত নাকচ কৰি পাকিস্তানে কয় যে ই ২৪ কোটি পাকিস্তানীৰ জীৱনৰেখা। আতংকিত পাকিস্তানে ভাৰতক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে। ভাৰতৰ এই কাৰ্যক আশংকাত পাকিস্তানে কয় যে পহলগাম আক্ৰমণত তেওঁলোকৰ কোনো ভূমিকা নাই। পাকিস্তানৰ পিএমঅ’ই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ভাৰতৰ এই সিদ্ধান্তই ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিব আৰু অঞ্চলটোত শান্তি প্ৰতিষ্ঠাত বাধাৰ সৃষ্টি কৰিব।
পাকিস্তানে কয় যে সিন্ধু জল সন্ধি বিশ্ব বেংকৰ দালালিত আন্তৰ্জাতিক সন্ধি আৰু একপক্ষীয় নিলম্বনৰ কোনো ব্যৱস্থা নাই। সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সন্দৰ্ভত পাকিস্তানে কয় যে ই ইয়াৰ ২৪ কোটি জনসাধাৰণৰ জীৱনৰেখা আৰু ইয়াৰ উপলব্ধতা যিকোনো মূল্যতে সুৰক্ষিত কৰা হ’ব।
পাকিস্তানে সন্ত্ৰাসবাদক নিৰ্দ্বিধাই গৰিহণা দিয়াৰ কথা কৈছে। পাকিস্তানে তৃতীয় দেশৰ জৰিয়তে বাণিজ্যকে ধৰি ভাৰতৰ সৈতে সকলো বাণিজ্য নিষিদ্ধ কৰিছিল। পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি যিকোনো ভাবুকিৰ প্ৰতি সকলো প্ৰকাৰে কঠোৰ সঁহাৰি দিয়া হ’ব।