নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে বিনিয়োগকাৰীৰ লাভ ১১ লাখ কোটি

🔹 এগজিট প’লৰ পিছত শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান

বিশেষ বাৰ্তা, ৪ জুন : এগজিট প’লৰ প্রভাৱ পৰিছে ডালাল ষ্ট্রীটত৷ ১ জুনৰ সন্ধিয়া প’ল অৱ প’লছত মোদী চৰকাৰৰ হেটট্রিকৰ স্পষ্ট ইংগিত দিয়াৰ পাছত মুম্বাইৰ শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান৷ কালি পুৱা নির্ধাৰিত সময় মতে শ্বেয়াৰ বজাৰ আৰম্ভ হোৱাৰ লগে লগে অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰে আৰু সেই ধাৰা অব্যাহত ৰাখি বিএছই ছেনছেক্স আৰু নিফ্টি ৫০ৰ অভিলেখসংখ্যক পইণ্টেৰে সামৰণি পৰে৷ আজি ভোটগণনাৰ প্রাক্ক্ষণত এগ্জিট প’লৰ প্রভাৱতে বিনিয়োগকাৰীৰ সম্পত্তি অভাৱনীয়ভাৱে বৃদ্ধি পায়৷ শ্বেয়াৰ বজাৰৰ তথ্য অনুসৰি বিনিয়োগকাৰীৰ সম্পত্তি ১১ লাখ কোটি টকা বৃদ্ধি হয়৷ অর্থাৎ কালি বিনিয়োগকাৰী ১১ লাখ কোটি টকা লাভৱান্বিত হৈছে৷ ছেনছেক্স আৰু নিফ্টিয়ে অভিলেখসংখ্যক ৭৩,৭৬৫.১৫ পইণ্ট আৰু ২২,৫৩০.৭০ পইণ্টত সমাপ্ত হয়৷ তথ্য মতে বিএছই ছেনছেক্স ২,৫০০ পইণ্ট আৰু নিফ্টি ১,০০০ পইণ্ট ঊর্ধ্বগামী হোৱাত শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলে অধিক লাভৱান্বিত হৈছে৷ বিগত পাঁচ দিন ধৰি শ্বেয়াৰ বজাৰে লোকচানৰ সন্মুখীন হৈ থকাৰ পাছত শনিবাৰে এগ্জিট প’লত মোদী চৰকাৰৰ হেটট্রিক আৰু দেওবাৰে বন্ধ থকা শ্বেয়াৰ বজাৰ কালি মুকলি কৰাৰ লগে লগে বিনিয়োগকাৰীলৈ সুখৰ বার্তা কঢ়িয়াই আনে৷ বিএছই ছেনছেক্সৰ ভিতৰত টাটা ষ্টীল, বাজাজ ফাইনেঞ্চ, এইচডিএফচি বেংক, ইণ্ডাছইণ্ড বেংক, লার্ছেন এণ্ড টার্বো, আইচিআইচিআই বেংক আদি অধিক লাভৱান্বিত হয়৷ নেষ্টলে ইণ্ডিয়া, টাটা কনছালটেঞ্চী ছার্ভিচ, মাৰুতি ছুজুকি ইণ্ডিয়া, ইনফ’ছিছ, এক্সিছ বেংক, হিন্দুস্তান ইউনিলিভাৰ আদিও লাভৱান্বিত হৈছে৷ নিফ্টি ৫০ৰ ভিতৰত শক্তি, ৰাজহুৱা বেংক, ৰিয়েল্টী আদি অধিক লাভৱান্বিত হয়৷ এই কোম্পানীকেইটাই ৪–৫ শতাংশলৈ লাভৱান্বিত হৈছে৷ আনপিনে, আন্তঃৰাষ্ট্রীয় শ্বেয়াৰ বজাৰ বিশেষকৈ এছিয়ান মার্কেটৰ ছাংহাই, টকিঅ’, ছিউল আৰু হংকঙত মিশ্রিত প্রভাৱ পৰিছে৷ ইউৰোপীয় ষ্ট’ক মার্কেট নিম্নগামী হোৱাৰ বিপৰীতে ৱালষ্ট্রীটৰ বজাৰতো অনুকূল প্রভাৱ আছে৷ খাৰুৱা তেলৰ মূল্য হ্রাস পোৱাৰ বাবেই আন্তঃৰাষ্ট্রীয় শ্বেয়াৰ বজাৰত বিৰূপ প্রভাৱ পৰিছে৷

You might also like