আইৰন ডোম -ৰ দর্পচূর্ণ কৰি ইজৰাইলৰ বক্ষত আঘাত ইৰানৰ
🔹 আইৰন ডোম -ৰ দর্পচূর্ণ কৰি ইজৰাইলৰ বক্ষত আঘাত ইৰানৰ
🔹 মধ্যপ্রাচ্যত ভয়ংকৰ যুদ্ধৰ আশংকা
নিউজ ডেস্ক, ১৫ জুন : ভয়াৱহ যুদ্ধৰ জুই জ্বলি উঠিছে মধ্যপ্রাচ্যত৷ ইজৰাইলৰ আক্রমণত ইৰানৰ সেনাৰ মুৰব্বী আৰু ৯গৰাকী পৰমাণু বিজ্ঞানীসহ ৭৮গৰাকী লোক নিহত হোৱাৰ পিছতে প্রত্যাক্রমণ আৰম্ভ কৰে ইৰানে৷ লক্ষণীয়ভাৱে ইজৰাইলৰ আক্রমণত আহত হৈছে ৩২০গৰাকী ইৰানৰ নাগৰিক৷ কিন্তু ইৰানৰ প্রত্যাক্রমণে হতচকিত কৰি তোলে ইহুদী ৰাষ্ট্র ইজৰাইলক৷ পুৱতিনিশা ইৰানে ইজৰাইলৰ অভেদ্য দুর্গ হিচাপে পৰিচিত ‘আইৰন ডোম’ৰ প্রতিৰোধ ভেদ কৰি ক্ষেপণাস্ত্রৰে আঘাত কৰে দেশখনৰ প্রতিৰক্ষা বাহিনীৰ মুখ্য কার্যালয়ত৷ আইৰন ডোমৰ দর্পচূর্ণ কৰি ইৰানে আঘাত কৰা ক্ষেপণাস্ত্রই ধ্বংস কৰে কেইবাটাও অট্টালিকা৷ এই আক্রমণত তিনিগৰাকী লোক নিহত হোৱাৰ উপৰি ৩৪গৰাকী আহত হোৱা বুলি ইজৰাইল চৰকাৰে সদৰী কৰিছে৷
ইফালে, সংবাদ মাধ্যমত তেল আভিভত সামৰিক মুখ্য কার্যালয় দাওদাওকৈ জ্বলি থকা ভিডিঅ’ বিয়পি পৰিছে৷ অকল তেল আভিভতেই নহয়, জেৰুজালেম তথা অন্যান্য প্রান্ততো একে সময়তে ইৰানে বেলিষ্টিক ক্ষেপণাস্ত্রৰে আঘাত কৰা বুলি দাবী কৰিছে ইজৰাইলে৷ দুই শতাধিক ক্ষেপণাস্ত্রৰে ইৰানে ইজৰাইলৰ ওপৰত আক্রমণ চলায়৷ ইয়াৰ পিছতে কালি পুনৰ আক্রমণ চলায় ইজৰাইলী সেনাই৷ লগে লগে সমগ্র অঞ্চলটোত আৰম্ভ হৈছে যুদ্ধৰ আশংকা৷
লক্ষণীয়ভাৱে ইৰাক আৰু ইৰানে আকাশী পথ বন্ধ কৰি দিয়াৰ ফলত বিভিন্ন দেশৰ বিমানসেৱা ব্যাহত হৈছে৷ দুয়োখন দেশৰ মাজত এক ভয়াৱহ যুদ্ধৰ সূত্রপাত ঘটা বুলি দাবী কৰিছে বিশেষজ্ঞ মহলে৷ ইৰানক কোনো কাৰণতে পৰমাণু অস্ত্র নির্মাণ কৰিবলৈ নিদিয়াৰ সংকল্প লৈছে ইজৰাইল চৰকাৰে৷ সেইবাবে অতি কৌশলেৰে ইৰানৰ ৯গৰাকী পৰমাণু বিজ্ঞানী আৰু দেশখনৰ শীর্ষ সেনা বিষয়াক হত্যা কৰা হৈছে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷
এই আক্রমণৰ পিছতে ইজৰাইলে দাবী কৰিছে যে ইৰানৰ পৰমাণু অস্ত্র নির্মাণৰ সপোন ধূলিসাৎ হৈছে৷ কাৰণ দেশখনৰ পৰমাণু বিজ্ঞানীসকল নিহত হোৱা বুলি ঘোষণা কৰিছে ইজৰাইলে৷ লক্ষণীয়ভাৱে উভয় দেশে আক্রমণ বন্ধ নহয় বুলি ঘোষণা কৰিছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইৰান অধিক ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়নি বার্তা দিছে৷
ইফালে, ইজৰাইলে ঘোষণা কৰিছে যে দেশখনৰ ওপৰত পুনৰ আক্রমণ চলালে সমগ্র তেহৰান অগ্নিপিণ্ডত পৰিণত কৰা হ’ব৷ কিন্তু ইৰান চৰকাৰে এইক্ষেত্রত কোনোধৰণৰ গুৰুত্ব প্রদান নকৰি ইজৰাইলৰ বিৰুদ্ধে অভিযান এতিয়াই বন্ধ নহয় বুলি হুংকাৰ দিছে৷ অর্থাৎ দুয়োখন দেশৰ মাজত যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰা হৈছে৷ ইয়াৰ মাজতে কালি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ফোন কৰি ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে ইৰানত আক্রমণৰ কাৰণ জনাই দিয়ে৷ মোদীয়ে সমগ্র অঞ্চলটোত শান্তি আৰু সুস্থিৰতা অক্ষত ৰখাৰ বাবে পৰামর্শ আগবঢ়ায় নেতান্যেহুক৷
লক্ষণীয়ভাৱে ইজৰাইলী সেনাৰ ইৰান আক্রমণৰ সময়তে অন্য এক বিষয়ক লৈ ভাৰতত সৃষ্টি হয় প্রতিক্রিয়া৷ কালি ইজৰাইলে কৰা এক পোষ্টত জম্মু–কাশ্মীৰ পাকিস্তানৰ অংশ হিচাপে মানচিত্রত দেখুওৱা হয়৷ বিষয়টোক লৈ সৃষ্টি হয় বিতর্ক৷ উল্লেখনীয় যে ইৰানৰ ক্ষেপণাস্ত্রই অকল ইজৰাইলেই নহয়, এছিয়াৰ কিমান দেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেই সন্দর্ভত ইজৰাইলী সেনাই এই মানচিত্র দেখুৱাইছিল৷ তেতিয়াই জম্মু–কাশ্মীৰ পাকিস্তানৰ অংশ হিচাপে দেখুওৱা হয়৷ ইয়াক লৈ বহু ভাৰতীয়ই তীব্র আপত্তি দৰ্শোৱাৰ লগে লগে ইৰানী সেনাই অৱশ্যে এনে ভুলৰ বাবে ভাৰতৰ ওচৰত ক্ষমা প্রার্থনা কৰে৷ অৱশ্যে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে এই বিষয়টো সন্দর্ভত কোনো মন্তব্য আগবঢ়োৱা নাই৷