গাজাত আক্রমণ বন্ধ কৰিবলৈ ইজৰাইলক সকীয়নি ইৰানৰ
বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : গাজাত হামাছ সন্ত্রাসবাদীৰ সমান্তৰালকৈ পেলেষ্টাইনী নাগৰিকৰ ওপৰতো সংহাৰ চলাইছে ইজৰাইলী সেনাই৷ কার্যতঃ আকাশমার্গেৰে বোমা–ৰকেট নিক্ষেপ কৰি গাজাত ধ্বংসলীলা চলাই আছে ইজৰাইলে৷ দেশখনৰ সেনাৰ আক্রমণত ১১ পেলেষ্টাইনী সাংবাদিক নিহত হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ যোৱা ৭ অক্টোবৰত গাজাৰ হামাছ সন্ত্রাসবাদীয়ে অতর্কিতে আকাশেৰে ২০ মিনিটত পাঁচ সহস্রাধিক ৰকেট নিক্ষেপেৰে ইজৰাইলৰ ওপৰত আক্রমণ কৰাৰ পিছতে হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলী সেনাই ঘোষণা কৰা যুদ্ধত গাজা ধ্বংসস্তূপত পৰিণত হৈছে৷ গাজাত হামাছৰ ছজন দুর্ধর্ষ কমাণ্ডাৰক হত্যা কৰাৰ বিপৰীতে দুই সহস্রাধিক দুর্ধর্ষ সদস্যক হত্যা কৰিবলৈ সক্ষম হোৱা ইজৰাইলী সেনাই কেইবাশ হামাছ সদস্যক কৰায়ত্ত কৰিছে৷ গাজাত ইজৰাইলী সেনাৰ আক্রমণ ভয়াৱহ হৈ উঠাৰ সময়তে বিশ্বজুৰি ইছলামিক দেশে এই আক্রমণক কঠোৰ ভাষাৰে গৰিহণা জনাইছে৷ হামাছক প্রত্যক্ষভাৱে সমর্থন কৰা ইৰানে এই আক্রমণক গৰিহণা দিয়াই নহয়, ইজৰাইলক আক্রমণ বন্ধ কৰিবলৈ সকীয়নি দিছে৷ গাজাত আক্রমণ বন্ধ নকৰিলে ইজৰাইলে ভয়াৱহ পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দি ইৰানে কয় যে তেওঁলোকে ইজৰাইলৰ বিৰুদ্ধে ট্রিগাৰত হাত থৈ আছে৷ যিকোনো মুহূর্ততে ইজৰাইলৰ বিৰুদ্ধে হামাছৰ সৈতে যুদ্ধত অংশ ল’ব পাৰে৷ ইজৰাইলী সেনাৰ আক্রমণত ৭২৪ শিশুসহ ২,৭০০তকৈ অধিক পেলেষ্টাইনী নিহত হোৱাৰ লগতে ৯ সহস্রাধিক আহত হৈছে৷ গাজাৰ অধিকাংশ অঞ্চল আকাশমার্গৰ আক্রমণত ধ্বংস্তূপত পৰিণত হৈছে৷ এই আক্রমণৰ পিছতে ইজৰাইলী সেনাই স্থলভাগেৰে গাজাত হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ সীমান্তত টেংক লৈ সাজু হৈ আছে৷ ইয়াৰ সমান্তৰালকৈ জলভাগেৰেও আক্রমণ কৰিবলৈ উদ্যত হৈ আছে ইজৰাইলৰ সেনা৷ আনপিনে, গাজাত ইজৰাইলী সেনাই চলাই থকা আক্রমণৰ পৰিপ্রেক্ষিতত পেলেষ্টাইনী নাগৰিকৰ জীৱন দুর্বিষহ হৈ উঠিছে৷ ইজৰাইলৰ নির্দেশত গাজাৰ উত্তৰ প্রান্তৰ পৰা দক্ষিণ প্রান্তলৈ ঢাপলি মেলিছে জীৱন ৰক্ষা কৰিবলৈ লক্ষাধিক পেলেষ্টাইনী৷ যুদ্ধৰ সময়ত সাধাৰণ নাগৰিকক পণবন্দী কৰি ৰাখিছে হামাছ আৰু ইজৰাইলী সেনাই৷ এই পণবন্দীক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৰাষ্ট্রসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে৷ ৰাষ্ট্রসংঘৰ মুৰব্বীগৰাকীয়ে গাজাত মানৱীয় সাহায্য প্রেৰণৰ বাবে পথ মুকলি কৰিবলৈও হামাছ আৰু ইজৰাইলী সেনাক আহ্বান জনাইছে৷ ইজৰাইলী সেনাই দাবী কৰা মতে, হামাছৰ হাতত ১৯৯গৰাকী পণবন্দী আছে৷ ইয়াৰ পূর্বে হামাছৰ হাতত পণবন্দী হৈ থকা লোকৰ সংখ্যা ১৪৩ বুলি প্রকাশ কৰিছিল যদিও ইজৰাইলী সেনাই এই সংখ্যা বৃদ্ধি পাইছে বুলিও প্রকাশ কৰিছে৷ পণবন্দীৰ ক্ষেত্রত হামাছক সহযোগিতা কৰি থকা ইৰানৰ বৈদেশিক মন্ত্রালয়ে এক বিবৃতি প্রচাৰ কৰিছে৷ যদি ইজৰাইলী সেনাই গাজাত আকাশমার্গেৰে আক্রমণ বন্ধ কৰি দিয়ে তেতিয়াহ’লে হামাছে পণবন্দীসকলক মুকলি কৰি দিব বুলি ইৰানৰ বৈদেশিক মন্ত্রালয়ে দাবী কৰিছে৷