আর্মেনিয়া–আজেৰবাইজান যুদ্ধত শংকিত ইৰান
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ দক্ষিণ ককেছাছ অঞ্চলত বিবদমান নাগার্ন’–কাৰাবাখক লৈ আর্মেনিয়া আৰু আজেৰবাইজানৰ মাজত চলি থকা যুদ্ধই এক ভয়ংকৰ আঞ্চলিক যুদ্ধৰ সূত্রপাত ঘটাব পাৰে৷ শেহতীয়াকৈ মধ্য প্রাচ্যৰ ৰাষ্ট্র ইৰানে এই আশংকা কৰিছে৷ আজেৰবাইজান আৰু আর্মেনিয়া বাহিনীৰ মাজত চলি থকা যুদ্ধই ইতিমধ্যে ১১টা দিন অতিক্রম কৰিছে৷ তাৎক্ষণিকভাৱে ইৰানৰ ৰাষ্ট্রপতি হাছান ৰুহানিয়ে দুয়োখন দেশক যুদ্ধৰ পথ পৰিহাৰ কৰি আলোচনাৰ মাজেৰে সমাধানৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে৷
স্মর্তব্য যে নাগার্ন’–কাৰাবাখ অঞ্চল আজেৰবাইজানৰ অন্তর্ভুক্ত যদিও ছোভিয়েট ইউনিয়নৰ পতনৰ পিছৰে পৰা এই অঞ্চলটো আর্মেনিয়াৰ নৃগোষ্ঠীয় লোকসকলৰ নিয়ন্ত্রণ আছে৷ বিগত ২৫ বছৰতকৈ অধিক কাল ধৰি এই অঞ্চলটোক লৈ দুয়োখন পূর্বৰ ছোভিয়েট সদস্য দেশৰ মাজত চলি আছে মতানৈক্য৷ শেহতীয়াকৈ তুৰস্কই এই যুদ্ধত ইন্ধন যোগোৱা বুলি বিভিন্ন মহলে অভিযোগ কৰিছে৷ এতিয়ালৈকে যুদ্ধত প্রাণ হেৰুৱাইছে ৩৬০গৰাকী লোকে৷ এই যুদ্ধস্থলীৰ সমীপতে আছে আজেৰবাইজানৰ পৰা গেছ আৰু তেল ইউৰোপলৈ সৰবৰাহ কৰা পাইপলাইন৷
ব্রিটেইনৰ তেল কোম্পানী বিপিয়ে আজেৰবাইজানৰ পৰা তেল ইউৰোপৰ বিভিন্ন স্থানলৈ যোগান ধৰি আহিছে৷ যদি তেল আৰু গেছ সৰবৰাহৰ ক্ষেত্রত এই যুদ্ধই প্রতিবন্ধকতা সৃষ্টি কৰে, তেন্তে সমগ্র ইউৰোপত ইয়াৰ প্রতিকূল প্রভাৱ পৰিব৷ গতিকে দুয়োখন দেশৰ মাজত চলা যুদ্ধ যিমানেই দীর্ঘস্থায়ী হৈছে, সিমানেই মধ্য প্রাচ্যত বৃদ্ধি পাইছে আতংক৷