নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ দেশৰ ধনকুবেৰ উদ্যোগপতি ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে পুনৰ ফ’বছ ইণ্ডিয়াৰ ধনাঢ়্য ব্যক্তিৰ তালিকাত শীর্ষস্থান লাভ কৰিছে৷ দেশৰ ১০০গৰাকী অতি ধনী ব্যক্তি তথা পৰিয়ালৰ ভিতৰত মুকেশ আম্বানিয়ে একেৰাহে ত্রয়োদশবাৰৰ বাবে ফ’বছ ইণ্ডিয়াৰ তালিকাত শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আম্বানিৰ মুঠ সম্পদ হৈছে ৮,৮০০ কোটি ডলাৰ৷
ইফালে, তালিকাত দ্বিতীয় স্থান লাভ কৰিছে আদানি গ্রুপৰ অধ্যক্ষ গৌতম আদানিয়ে৷ গৌতম আদানিৰ মুঠ সম্পদ হৈছে ২,৫০০ কোটি ডলাৰ৷ ফ’বছ ইণ্ডিয়াৰ প্রতিবেদন অনুসৰি চলিত বর্ষটোত মুকেশ আম্বানিৰ মুঠ সম্পদত নতুনকৈ যোগ হৈছে ৩,৭৫০ কোটি ডলাৰে৷ বিশ্ব অর্থনীতিত সংকট চলি থকাৰ সময়তো ক’ভিড কালত ধনকুবেৰ সকলৰ সম্পদ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷