নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰ ক্ষেপণাস্ত্র : বাংকাৰত নৃত্য নৱ দম্পতীৰ

🔹 বিয়াৰ আনন্দত বাধা দিব নোৱাৰিলে তেহৰানে

নিউজ ডেস্ক, ৪ অক্টোবৰ : মাত্র আঙঠি বিনিময় হৈছিল এক দম্পতীৰ৷ বাকী বিয়াৰ অন্য ৰীতি–নীতি পালন কৰিব তেতিয়াও বাকী আছিল৷ হঠাতে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্রৰে আক্রমণ আৰম্ভ কৰে ইৰানে৷ চাৰিওফালে তেতিয়া কেৱল বাজি উঠিছে ছাইৰেন৷ যিয়ে যিফালে পাৰে, দৌৰি পলাইছে৷ বাকীসকলৰ  সৈতে এই দম্পতীয়েও আশ্রয় লয় জেৰুজালেমৰ বাংকাৰত৷ তাৰ পিছত বাংকাৰতে দৰা–কইনাই হাতত ধৰি বিয়াৰ পোছাক পৰিধান কৰি নাচিবলৈ ধৰে৷ সেই ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ ভিডিঅ’টো পোষ্ট কৰিছে ইজৰাইলী সাহিত্যিক ছাওল ছাডকাই৷ সাহিত্যিকগৰাকীয়ে ভিডিঅ’টোৰ পোষ্টত লিখিছে– ‘জেৰুজালেমৰ বিয়াৰ এই আনন্দ  এক মুহূর্তৰ বাবেও বিঘ্ণিত কৰিব পৰা নাই ইৰানে৷’ যোৱা মঙলবাৰে নিশা ইজৰাইললৈ লক্ষ্য কৰি ইৰানে নিক্ষেপ কৰিছিল ২ শতাধিক ক্ষেপণাস্ত্র৷ ইয়াৰ ভিতৰত কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্র আছিল৷ সংবাদ পত্র নিউয়র্ক পোষ্টৰ প্রতিবেদনত উল্লেখ কৰা হৈছে যে এই ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ সময়তে জেৰুজালেমৰ নটাৰডাম হোটেলৰ ওচৰৰ এটা বাংকাৰত আশ্রয় লৈছিল এই দম্পতীয়ে৷ মাত্র কিছু সময় পূর্বে হোটেলত বিবাহপাশত আবদ্ধ হ’বলৈ আহিছিল দৰা–কইনা৷ তাৰ পৰাই বাংকাৰত গৈ আশ্রয় লয় দৰা–কইনাই৷ তেওঁলোকৰ লগতে অন্য একাংশ লোকেও আশ্রয় লৈছিল বাংকাৰত৷ এই বাংকাৰতেই বিয়াৰ বাকী থকা ৰীতি–নীতি পালন কৰা হয়৷

You might also like