নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত সংহাৰ অব্যাহত ইজৰাইলৰ

🔹 লেবাননত হিজবুল্লাৰ ঘাটিত ধাৰাবাহিক আক্রমণ ইজৰাইলী সেনাৰ

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজাত সংহাৰ অব্যাহত ইজৰাইলী সেনাৰ৷ আকাশীমার্গেৰে গাজাত ধ্বংসলীলা চলোৱা ইজৰাইলী সেনাই গাজা সীমান্তত শ শ টেংক লৈ স্থল অভিযান চলোৱাৰ বাবে সাজু হৈ আছে৷ হামাছ সন্ত্রাসবাদী আৰু ইজৰাইলী সেনাৰ যুদ্ধক লৈ বিশ্বৰ দেশসমূহৰ মাজত বিভাজন আৰম্ভ হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি পশ্চিমীয়া দেশসমূহে ইজৰাইলক সমর্থন কৰাৰ বিপৰীতে চুবুৰীয়া ৰাষ্ট্রকে ধৰি ইছলামিক দেশসমূহে হামাছ সন্ত্রাসবাদীৰ পক্ষত থিয় দিছে৷ ইয়াকে লৈ পশ্চিম এছিয়া আৰু মধ্যপ্রাচ্যত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে৷ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ আক্রমণৰ দহ দিন অতিক্রম কৰাৰ পিছতো হামাছ সন্ত্রাসবাদীয়ে সেও মনাৰ বিপৰীতে ইজৰাইলৰ ভূমিত আক্রমণ চলাই আছে৷ ইজৰাইলী নাগৰিকক পণবন্দী কৰা ভিডিঅ’ হামাছে প্রচাৰ কৰি আছে৷ এই ভয়াৱহ পণবন্দীৰ ভিডিঅ’ক লৈ বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে৷ ইপিনে, হামাছ সন্ত্রাসবাদীৰ হৈ লেবাননৰ হিজবুল্লাই ইজৰাইলৰ ভূমিত ৰকেটেৰে আক্রমণ কৰাৰ পিছত ইজৰাইলী সেনাই লেবাননৰ ভূমিত হিজবুল্লাৰ বিৰুদ্ধে ভয়াৱহ আক্রমণ চলাইছে৷ লেবানন–ইজৰাইলৰ সীমান্তৰ পৰা সাধাৰণ নাগৰিকক আঁতৰিবলৈ নির্দেশ দি ইজৰাইলী সেনাই হিজবুল্লাৰ ঘাটিত ধাৰাবাহিক আক্রমণ চলাই আছে৷ এই আক্রমণত হিজবুল্লাৰ কেইবাটাও ঘাটি বিধ্বস্ত হৈছে৷ ধ্বংসস্তূপত পৰিণত হোৱা গাজাত স্থল আৰু জলভাগেৰে আক্রমণৰ বাবে সাজু হৈ থকা ইজৰাইলী সেনাই দিনে–নিশাই আকাশীমার্গেৰে ৰকেট বোমা নিক্ষেপ কৰি আছে৷ ইজৰাইলী সেনাৰ আক্রমণত আতংকিত গাজাৰ পেলেষ্টাইনীয়ে হাস্পতালত আশ্রয় ল’বলগীয়া হৈছে৷ ইপিনে, গাজাত প্রৱেশ কৰাৰ বাবে সীমান্তত ইজৰাইলী সেনাই সাজু হৈ থকাৰ সময়তে কাইলৈ ইজৰাইল ভ্রমণলৈ আহিব আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেন৷ আমেৰিকাৰ বৈদেশিক সচিব এণ্টনী ব্লিংকেনে ইজৰাইলৰ ৰাজধানী তেল আভিভত দেশখনৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ সৈতে আলোচনাত মিলিত হৈ উভতি যোৱাৰ পিছতে মার্কিন ৰাষ্ট্রপতিগৰাকী তেল আভিভত উপস্থিত হ’ব। ইজৰাইলৰ জটিল মুহূর্তত কাইলৈ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে ৰাজধানীত উপস্থিত হৈ প্রধানমন্ত্রী নেতান্যেহুৰ সৈতে যুদ্ধ সন্দর্ভত আলোচনাত মিলিত হ’ব৷ এই আলোচনাত হামাছৰ পৰা গাজাৰ জনতাক মুক্ত কৰাৰ লগতে জনতাৰ অধিকাৰক সুৰক্ষিত ৰখাৰ বাবে ইজৰাইল চৰকাৰক পৰামর্শ আগবঢ়াব বাইডেনে৷ লক্ষণীয় যে হামাছ সন্ত্রাসবাদীয়ে ইজৰাইল আক্রমণ কৰাৰ পিছতেই ইজৰাইল চৰকাৰে সন্ত্রাসবাদী গোটটোৰ ওপৰত প্রচণ্ড আক্রমণ চলাই আছে৷ কার্যতঃ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে যুদ্ধ চলাই থকা ইজৰাইল চৰকাৰক আমেৰিকাই অস্ত্র–শস্ত্র দি সহায় কৰি আছে৷ আনহাতে, গাজাৰ পেলেষ্টাইনী লোকৰ ওপৰত চলাই থকা আক্রমণ শীঘ্রে বন্ধ নকৰিলে ইজৰাইলে ভয়াৱহ পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি আজি পুনৰ সকীয়নি দিছে ইৰান চৰকাৰে৷

You might also like