নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত ইজৰাইলৰ বোমাত একেটা পৰিয়ালৰ ৭৬ সদস্য নিহত

🔹 ৰাষ্ট্রসংঘৰ উন্নয়ন প্রকল্পৰ কর্মীৰ আৱাসিক প্রাসাদত নৃশংস আক্রমণ

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : যুদ্ধভূমি গাজাত ইজৰাইলৰ নৰসংহাৰ অব্যাহত আছে৷ গাজা ভূখণ্ডৰ ৰাফাত এটা প্রাসাদত ইজৰাইলী সেনাই বোমাবর্ষণ কৰাৰ ফলত কালি শতাধিক লোক নিহত হৈছে৷ এই লোকসকলৰ ৭৬গৰাকী একেটা পৰিয়ালৰেই সদস্য৷ একেটা পৰিয়ালৰ বিভিন্ন ঠাল–ঠেঙুলিৰ এই সদস্যসকল নিহত হোৱা বুলি গাজাৰ অসামৰিক প্রতিৰক্ষা বিভাগৰ অন্যতম মুখপাত্র মাহমুদ বাছালে উল্লেখ কৰিছে৷ কালি এই প্রাসাদটো ইজৰাইলী সেনাৰ বোমাত বিধ্বস্ত হয়৷ বিগত ১২ সপ্তাহ ধৰি গাজাত তাণ্ডৱ চলাই আছে ইজৰাইলী সেনাই৷ মাহমুদে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, যি ৭৬গৰাকী লোকৰ মৃত্যু হৈছে, তেওঁলোক ৰাষ্ট্রসংঘৰ উন্নয়ন প্রকল্পৰ বর্ষীয়ান কর্মী ইছাম আল–মুঘ্রাবিৰ পৰিয়ালৰ লোক৷ আল–মুঘ্রাবিৰ পৰিয়ালৰ নেতৃস্থানীয় ১৬গৰাকী লোকৰ মৃত্যু হৈছে এই বোমাবর্ষণত৷ আনফালে নিহত সদস্যসকলৰ ভিতৰত শিশু আৰু মহিলাও আছে৷ এই নৃশংস আক্রমণৰ ঘটনাক গৰিহণা দিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ উন্নয়ন প্রকল্পৰ মুৰব্বী আখিম ষ্টেইনাৰে এনেদৰে আল–মুঘ্রাবিৰ পৰিয়ালটোক হেৰুৱাবলগীয়া হোৱা বাবে গভীৰ শোক প্রকাশ কৰিছে৷ ৰাষ্ট্রসংঘৰ বাবেও এয়া বৃহৎ ক্ষতি বুলি ষ্টেইনাৰে উল্লেখ কৰিছে৷ ৰাষ্ট্রসংঘ তথা নিৰীহ লোকক এনেদৰে আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱাটো দুর্ভাগ্যজনক ঘটনা বুলিও ষ্টেইনাৰে মন্তব্য কৰিছে৷ স্মর্তব্য যে হামাছক নিঃশেষ কৰাৰ বাবে ইজৰাইলী সেনাই গাজাত চলাই থকা যুদ্ধৰ ফলত এতিয়ালৈকে ২০ সহস্রাধিক নিৰীহ পেলেষ্টাইনী লোক নিহত হৈছে৷

You might also like