নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছভৰ্তি ৪৫টা কণ্টেইনাৰসহ পাঁচ যুৱকক আটক

🔴 বজালী আৰক্ষীৰ বৃহৎ সফলতা

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত সামগ্ৰী সৰবৰাহ হৈ থকাৰ সময়তে আজি বজালী আৰক্ষীয়ে এক অভিযান চলাই ভালেখিনি ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহৰ এটা চক্ৰক আটক কৰিবলৈ সক্ষম হৈছে৷ বজালী জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আজি এক অভিযান চলাই বজালীত ড্ৰাগছ বিতৰণ কৰিবলৈ অহা পাঁচজন যুৱকক আৰক্ষীয়ে আটক কৰাৰ লগতে তেওঁলোকৰ পৰা নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বজালী আৰক্ষীৰ নাকা চেকিঙত পাঠশালাৰ সমীপৰ মৰ্কা চ’কত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছসহ সৰবৰাহকাৰীকেইজনক আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীয়ে ঘটনাত ব্যৱহাৰ কৰা এখন বাইক, এখন মাৰুতি এল্টো বাহন, ৮০৪০ নগদ ধন, কেইবাটাও মোবাইল ফোনৰ লগতে ৪৫টা কনটেইনাৰসহ ৬০ গ্ৰাম হেৰোইন জব্দ কৰে৷ আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ স’তে জড়িত যুৱক পাঁচজন ক্ৰমে পাটাছাৰকুছি থানাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ ৰঞ্জন দাস, নলবাৰী থানাৰ অন্তৰ্গত বালিকৰিয়াৰ সুৰজিৎ দাস, বৰমা থানাৰ অন্তৰ্গত বৰমাৰ লক্ষী কলিতা, পাটাছাৰকুছি থানাৰ অন্তৰ্গত ধৰমতলা গাঁৱৰ হিৰণ্য শৰ্মা আৰু ভালুকী গাঁৱৰ উদীপ্ত গোস্বামী বুলি জানিব পৰা গৈছে ৷ এই যুৱকসকলৰ ভিতৰত কোনে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহিছিল অথবা কোনে ক্ৰয় কৰিবলৈ আহিছিল, সেয়া নিশ্চিতভাৱে জানিব পৰা হোৱা নাই৷ সম্প্ৰতি বজালী আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰু জেৰা অব্যাহত ৰাখিছে৷ বজালী আৰক্ষী সূত্ৰে লাভ কৰা খবৰ অনুসৰি, বৰমা দিশৰ পৰা বজালীৰ ভিন্নজনলৈ এই ড্ৰাগছখিনি বিক্ৰীৰ জৰিয়তে যোগান ধৰিবলৈ অনা হৈছিল৷

প্ৰেৰক কল্যাণ কলিতা

You might also like