ৰক্তক্ষয়ী যুদ্ধৰ অৱসানেৰে গাজাত ইজৰাইল-হামাছৰ যুদ্ধবিৰতি
📌 যুদ্ধবিৰতিৰ চর্ত হিচাপে প্রথমে তিনিগৰাকী মহিলা পণবন্দীক মুক্তি হামাছৰ
📌 ৪২ দিনৰ ভিতৰত সম্পূর্ণ হ’ব পণবন্দী মুক্তিৰ প্রক্রিয়া, ইজৰাইলে মুক্তি দিব পেলেষ্টাইনী কাৰাবন্দীক
📌বিধ্বস্ত গাজাত ২০২৩ৰ অক্টোবৰৰ পৰা শিশু–মহিলাসহ ৪৭ সহস্রাধিকৰ প্রাণহানি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জানুৱাৰীঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে মাত্র কেইদিনমান পূর্বে আমেৰিকাত তেওঁৰ বিজয় মধ্যপ্রাচ্যৰ বাবে ‘নৱেম্বৰ বিপ্লৱ’ বুলি ঘোষণা কৰিছিল৷ অর্থাৎ ৰুছ বিপ্লৱৰ প্রসংগ টানি মধ্যপ্রাচ্যলৈ শান্তি উভতি আহিব বুলি ইংগিত দিছিল ট্রাম্পে৷ নৱেম্বৰত অনুষ্ঠিত আমেৰিকাৰ নির্বাচনত ট্রাম্পে জয়লাভ কৰি এই মন্তব্য কৰাৰ পিছত সঁচাকৈয়ে মধ্যপ্রাচ্যত যেন শান্তি ওভতাৰ পথ মুকলি হৈছে৷ আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে ট্রাম্পে শপত লোৱাৰ এদিন পূর্বেই গাজাত ইজৰাইল আৰু হামাছৰ মাজত আৰম্ভ হৈছে যুদ্ধবিৰতি৷ ৪২ দিন ধৰি চলিবলগীয়া এই যুদ্ধবিৰতি চুক্তিৰ প্রথম পর্যায়ত হামাছে তিনিগৰাকী পণবন্দীক মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে ঘোষিত সময়তকৈ ৩ ঘণ্টা পিছত যুদ্ধবিৰতি প্রক্রিয়া কার্যকৰী হৈছে যদিও ই সুদূৰপ্রসাৰী ভূমিকা লাভ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ হামাছে তিনিগৰাকী মহিলা পণবন্দীক মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে৷ এই বাতৰি যুগুতোৱা পৰলৈ হামাছে মুক্তি দিবলগীয়া তিনি পণবন্দীয়ে ইজৰাইল পোৱা নাই যদিও পলমকৈ হ’লেও ইজৰাইলৰ হাতত তিনিওগৰাকী পণবন্দীক অর্পণ কৰাটো নিশ্চিত৷ এই যুদ্ধবিৰতিৰ লগে লগে প্রায় ১৫ মাহ ধৰি চলা ৰক্তক্ষয়ী যুদ্ধৰ অৱসানৰ পথ মুকলি হৈছে৷ লক্ষণীয়ভাৱে যুদ্ধবিৰতিৰ বিষয়টোক লৈ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ কেবিনেটত ভিন্ন মত আছিল যদিও অৱশেষত যুদ্ধকালীন কেবিনেটে এই ৰক্তক্ষয়ী সংঘর্ষৰ অৱসান ঘটাৰ ক্ষেত্রত সহমত পোষণ কৰে৷ নেতান্যেহুৱে চুক্তি উলংঘা হ’লে হামাছ পুনৰ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিছে যদিও আন্তর্জাতিক সম্প্রদায়ে এই যুদ্ধবিৰতিক আদৰণি জনাইছে৷ লক্ষণীয়ভাৱে হামাছে তিনিগৰাকী মহিলা পণবন্দীক মুক্তি দিয়া হ’ব বুলি এই পণবন্দী তিনিগৰাকীৰ পৰিচয় সদৰী কৰে৷ আৰম্ভণিতে হামাছে এক বিবৃতিত উল্লেখ কৰা অনুসৰি এই তিনিগৰাকী মহিলা হৈছে ২৪ বছৰীয়া ৰোমী গনেন, ৩১ বছৰীয়া ড’ৰন ষ্টেইনব্রেছাৰ আৰু ২৮ বছৰীয়া এমিলি ডামাৰি৷ ১৫ মাহ ধৰি চলা যুদ্ধৰ পিছত মুক্তিলাভ কৰিবলগীয়া ড’ৰন আৰু এমিলি হৈছে ক্রমে ৰোমানিয়া আৰু ব্রিটেইনৰ নাগৰিক৷ ইজৰাইলৰ তৰফৰ পৰা মুক্তি পাবলগীয়া তিনিগৰাকী পণবন্দীৰ নাম প্রকাশ কৰা নাই যদিও এক বিবৃতি প্রকাশ কৰি স্পষ্ট কৰি দিছে যে ৩৩গৰাকী ইজৰাইলী পণবন্দীক হামাছে মুক্তি দিব৷ ইয়াৰ বিপৰীতে যুদ্ধবিৰতি চুক্তিৰ প্রথম ৬ সপ্তাহত ইজৰাইলে মুক্তি দিব কেইবাশও পেলেষ্টাইনী কাৰাবন্দীক৷ লক্ষণীয়ভাৱে যুদ্ধবিৰতিৰ চুক্তি অনুসৰি ইজৰাইলে গাজাৰ ঘন জনবসতিপূর্ণ অঞ্চলসমূহৰ পৰা সেনা প্রত্যাহাৰ কৰিব আৰু ধ্বংসস্তূপত পৰিণত হোৱা গাজাৰ বাসগৃহলৈ নিৰীহ পেলেষ্টাইনী লোকসকলক উভতি যোৱাৰ অনুমতি দিয়া হ’ব৷ অর্থাৎ শৰণার্থী শিবিৰত থকা পেলেষ্টাইনী লোকসকলে আজিৰে পৰা ঘৰলৈ উভতি যোৱাৰ অনুমতি লাভ কৰিছে৷ ইফালে এই যুদ্ধবিৰতিৰ প্রাৰম্ভিক পর্যায়তে দুর্গত পেলেষ্টাইনীসকলৰ বাবে সাহায্য সামগ্রী লৈ আন্তর্জাতিক সংস্থাসমূহৰ বাহনে গাজাত প্রৱেশ কৰিবলৈ লৈছে৷ আলোচনা অনুসৰি দ্বিতীয় পর্যায়ত সকলো পণবন্দীক মুক্তি দিয়াৰ পিছতে গাজালৈ শান্তি আৰু সুস্থিৰতা ওভতাই অনাৰ প্রক্রিয়া আৰম্ভ কৰা হ’ব৷ তৃতীয় তথা অন্তিম পর্যায়ত গাজাৰ পুনৰ নির্মাণৰ প্রসংগতো উত্থাপন কৰা হৈছে৷ ইয়াৰ বাবে কেইবাবছৰো সময় লাগিব৷ ইফালে বহু পণবন্দীৰ মৃত্যু হৈছে হামাছৰ জিম্মাত৷ তৃতীয় পর্যায়ত এই মৃতদেহবোৰো হামাছে ওভতাই দিব লাগিব ইজৰাইলক৷ স্মর্তব্য যে মাত্র এদিন পূর্বে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে যিকোনো যুদ্ধবিৰতি অস্থায়ী বুলি সতর্কবাণী কৰিছিল৷ যদি এই যুদ্ধবিৰতি উলংঘা হয়, তেন্তে আমেৰিকাৰ সমর্থনত ইজৰাইলে গাজাত পুনৰ আক্রমণ চলাব বুলিও হুংকাৰ দিছিল বেঞ্জামিন নেতান্যেহুৱে৷ স্মর্তব্য যে ২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছে ইজৰাইলৰ ওপৰত ভয়াৱহ আক্রমণ চলাইছিল৷ এই আক্রমণৰ ঘটনাত নিহত হৈছিল ১,২০০ লোক আৰু হামাছে পণবন্দী কৰিছিল ২৫১জনক৷ ইয়াৰ পিছতে হামাছক সম্পূর্ণৰূপে উৎখাত কৰাৰ সংকল্পৰে ইজৰাইলে গাজাত আৰম্ভ কৰিছিল সামৰিক অভিযান৷ এই অভিযানত ৪৭ সহস্রাধিক লোক নিহত হয়৷ নিহত লোকসকলৰ অধিকসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ আনফালে আহত হৈছে লক্ষাধিক লোক৷ ইজৰাইলে চলোৱা বোমা আৰু ক্ষেপণাস্ত্রৰ আঘাতত গাজা বধ্যভূমিত পৰিণত হয়৷ লক্ষণীয়ভাৱে প্রায় ২০ লক্ষাধিক লোক গৃহহীন হৈ পৰে গাজাত৷ ৫০ শতাংশতকৈ অধিক বাসস্থান ধ্বংস হয় ইজৰাইলৰ অভিযানত৷ ইয়াৰ উপৰি হাস্পতাল, শিক্ষানুষ্ঠান, শৰণার্থী শিবিৰ আদিতো আক্রমণ চলায় ইজৰাইলে৷ হামাছে শিবিৰ স্থাপন কৰা বুলি অভিযোগ তুলি গাজাৰ সকলো অঞ্চলতে বোমা আৰু ক্ষেপণাস্ত্রৰে আঘাত কৰাৰ উপৰি সেনাই ইয়াৰ অভ্যন্তৰত প্রৱেশ কৰিও অভিযান চলাইছিল৷ এই সময়ছোৱাতে হামাছৰ কেইবাগৰাকীও শীর্ষ নেতা নিহত হয়৷ ইজৰাইলে দাবী কৰা অনুসৰি হামাছৰ হাতত এতিয়াও ৯৪গৰাকী পণবন্দী আছে৷ ইয়াৰে ৩৪গৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ইজৰাইলৰ চৰকাৰী সূত্রই সদৰী কৰিছে৷ স্মর্তব্য যে ইজৰাইল আৰু হামাছৰ মাজত চলা যুদ্ধৰ অৱসান ঘটাবলৈ বিশ্বৰ বিভিন্ন দেশে চেষ্টা চলাইছিল৷ কাটাৰ, ইজিপ্ত, ছৌদি আৰবৰ দৰে দেশে সঘনে উভয়পক্ষৰ মাজত যুদ্ধবিৰতিৰ বাবে মধ্যস্থতা কৰিছিল৷ অৱশেষত এই দেশসমূহৰ প্রচেষ্টাৰ ফলতে কাটাৰত দীর্ঘদিনীয়া আলোচনাৰ অন্তত স্বাক্ষৰ যুদ্ধবিৰতি চুক্তি৷ ইজৰাইলৰ বন্ধু হ’লেও যুদ্ধ বন্ধ কৰিবলৈ উদ্যোগী হৈছিল আমেৰিকাও৷ বিভিন্ন পক্ষৰ ধাৰাবাহিক প্রয়াসৰ ফলত এই যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে দুর্ভিক্ষৰ কবলত পৰা গাজাৰ লাখ লাখ লোকে আন্তর্জাতিক সাহায্য লাভ কৰাৰ পথ সুগম হৈ পৰিছে৷ লগতে এই যুদ্ধবিৰতিক স্থায়ী ৰূপ দিয়াৰ বাবে উভয়পক্ষই চেষ্টা চলাব বুলি আশা প্রকাশ কৰিছে আন্তর্জাতিক সম্প্রদায়ে৷