অন্তৰীক্ষলৈ শ্রীহৰিকোটাৰ পৰা শততম ৰকেট উৎক্ষেপণ ইছৰোৰ
🔹 ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইতিহাস
নিউজ ডেস্ক, ৩০ জানুৱাৰী : মহাকাশ খণ্ডত আন এক মাইলৰ খুঁটি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ৷ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্রৰ পৰা কালি পুৱা ৬.২৩ বজাত মহাকাশলৈ নেভিগেচন কৃত্রিম উপগ্রহ এনভিএছ–০২ সফলতাৰে উৎক্ষেপণ কৰাৰ লগে লগে ইছৰোৱে মাৰিলে চেঞ্চুৰী৷ পৃথিৱীৰ কক্ষপথত এনভিএছ–০২ সফলতাৰে সংস্থাপন কৰা ইছৰোৰ শ্রীহৰিকোটাৰ পৰা শততম ৰকেট উৎক্ষেপণ৷ শ্রীহৰিকোটাৰ পৰা ইছৰোৱে জিএছএলভি ব্যৱহাৰ কৰি শততম ৰকেট উৎক্ষেপণ কৰি মহাকাশ খণ্ডত ভাৰতৰ আন এক কৃতিত্ব ৰচিলে৷ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে নতুনকৈ দায়িত্ব গ্রহণ কৰাৰ পাছতে কালি এনভিএছ–০২ মহাকাশলৈ নিক্ষেপ কৰি পৃথিৱীৰ কক্ষপথত সফলতাৰে সংস্থাপন কৰে৷ ইয়াৰ পূর্বে ইছৰোৱে ২০২৩ চনৰ ২৯ মে’ত এনভিএছ –০১ কৃত্রিম উপগ্রহ মহাকাশলৈ প্রেৰণ কৰিছিল৷ চন্দ্রযান–৩ অভিযানেৰে চন্দ্রৰ দক্ষিণ মেৰুত প্রথমবাৰৰ বাবে মহাকাশযান অৱতৰণ কৰাই বিশ্বৰ প্রথম দেশ হিচাপে পৰিগণিত হোৱা ভাৰতৰ ইছৰোৱে মঙল অভিযান, আদিত্য এল–১ আৰু ১০৪টা কৃত্রিম উপগ্রহ মহাকাশলৈ প্রেৰণ কৰিছে৷ ইয়াৰ উপৰি বিশ্বৰ চতুর্থখন দেশ হিচাপে মহাকাশত কৃত্রিম উপগ্রহৰ ড’কিং সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে ভাৰত৷ চন্দ্রত মানৱ প্রেৰণকে ধৰি মহাকাশত মহাকাশ কেন্দ্র স্থাপনৰ ক্ষেত্রত এখোপ আগবাঢ়ি ইছৰোৱে কৃত্রিম উপগ্রহৰ ড’কিং সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া আৰু চীনৰ পিছতে এনে ড’কিং সম্পন্ন কৰা চতুর্থখন দেশ ভাৰত৷