নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বংশোদ্ভৱ জগদীপ সিঙৰ এদিনৰ বানচ ৪৮ কোটি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ জগদীপ সিং, কোৱাণ্টাম স্কেপৰ প্রতিষ্ঠাতা তথা প্রাক্তন চিই’৷ জগদীপ সিঙৰ মাহিলি কিম্বা বার্ষিক দৰমহা কিমান সিঙৰ এদিনৰ দৰমহা কিমান তেওঁৰ দৰমহা শুনিলে স্বাভাৱিকতে সাধাৰণ নাগৰিকেই নহয়, অভিজ্ঞ ব্যক্তিয়েও বিশ্বাস কৰিবলৈ টান পাব৷ ভাৰতীয় বংশোদ্ভৱ জগদীপ সিঙৰ বার্ষিক দৰমহা শুনিলে আশ্চর্য লাগে৷ বিশ্বৰ সর্বাধিক দৰমহা পোৱা ব্যক্তি জগদীপ সিং৷ কোৱাণ্টাম স্কেপৰ প্রতিষ্ঠাতা জগদীপ সিঙে প্রতিদিনে দৰমহা পায় ৪৮ কোটি টকা৷ তেওঁৰ বার্ষিক দৰমহা ১৭,৫০০ কোটি টকা৷ বিশ্বৰ সর্বাধিক দৰমহা লাভ কৰা জগদীপ সিঙৰ সফলতাৰ এক কাহিনী আছে৷ মেধাৱী শৈক্ষিক কেৰিয়াৰ আৰু দূৰদৃষ্টিসম্পন্ন উদ্যমী জগদীপ সিং৷ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ছায়েন্সত স্নাতক ডিগ্রী লাভ কৰা জগদীপ সিঙে ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ পৰা এমবিএ সম্পূর্ণ কৰি জগদীপ সিঙে এইচপি আৰু ছান মাইক্র’ছিষ্টেমত কর্মজীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছতেই তেওঁ কেইবাটাও ষ্টার্টআপৰ উদ্ভাৱন কৰে৷ ইয়াৰে ভিতৰত ১৯৯২ চনত এয়াৰছফ্ট অন্যতম৷ ২০১০ চনত জগদীপ সিঙে কোৱাণ্টাম স্কেপ স্থাপন কৰে আৰু এই কোম্পানীটোৱে এডভাঞ্চ বেটাৰী টেকন’লজী উদ্ভাৱন কৰে৷ ইলেক্ট্রিক বাহনৰ বাবে অত্যাধুনিক প্রযুক্তিৰ বেটাৰীৰ প্রখ্যাত কোম্পানী কোৱাণ্টাম স্কেপ৷ এই কোম্পানীটোৱে দ্রুতগতিত উন্নতি কৰি কোম্পানীটোৰ সম্পত্তিৰ মূল্য ২.৩ বিলিয়ন মার্কিন ডলাৰ গঢ়ে৷ চিই’ হিচাপে কার্যনির্বাহ কৰি জগদীপ সিঙে কোম্পানীটোক বিশ্বৰ শীর্ষ স্থানীয় কোম্পানী হিচাপে প্রতিষ্ঠা কৰাৰ পিছত ২০২৪ চনৰ ফেব্রুৱাৰীত সিঙে অৱসৰ গ্রহণ কৰে৷ চিই’ৰ পৰা অৱসৰ গ্রহণ কৰে যদিও সিঙে কোৱাণ্টাম স্কেপৰ ব’ডত জড়িত হৈ আছে৷ অত্যাধুনিক বেটাৰী প্রযুক্তিৰ প্রখ্যাত কোম্পানী হৈছে কোৱাণ্টাম স্কেপ৷ আমেৰিকা যুক্তৰাষ্ট্রস্থিত এই কোম্পানীটোত বেটাৰী বৈদ্যুতিক বাহনৰ বাবে উৎপাদন কৰা হয়৷ উন্নত প্রযুক্তিৰ বেটাৰীৰে শক্তিখণ্ডত বৈপ্লৱিক পৰিৱর্তন অনা কোম্পানীটোৰ প্রতিষ্ঠাতা জগদীপ সিং এতিয়া বিশ্বৰ সর্বাধিক দৰমহা পোৱা ব্যক্তি৷

You might also like