অপাৰেচন সিন্দূৰৰ সময়তো পাক কূটনীতিকক তথ্য দিছিল জ্যোতি মালহোত্রা -ই
নিউজ ডেস্ক, ২২ মে’ : জ্যোতি মালহোত্রা সন্দৰ্ভত সময় যোৱাৰ লগে লগে ভয়াৱহ তথ্য পোহৰলৈ আহিছে। পাকিস্তান তথা পাক অধিকৃত কাশ্মীৰত যেতিয়া ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰিছিল তেতিয়াও পাকিস্তানী কূটনীতিক এহছান দাৰ ওৰফে ডানিশৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলিছিল হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্রাই ৷ সূত্রই সদৰী কৰা অনুসৰি, চোৰাংচোৱাৰ হাতত ইতিমধ্যে এই তথ্য পৰিছে৷ কাশ্মীৰ তথা দেশৰ কোন স্থানত ‘ব্লেক আউট’ কৰা হৈছিল, সেই সম্পর্কীয় তথ্যও পাক কূটনীতিকক দিছিল জ্যোতি মালহোত্রাই ৷ লক্ষণীয়ভাৱে সামৰিক অস্থিৰতাৰ সময়ত পাকিস্তানী গুপ্তচৰৰ সৈতে প্রতি মুহূর্ততে যোগাযোগ ৰক্ষা কৰি চলিছিল গ্রেপ্তাৰ হোৱা এইগৰাকী ইউটিউবাৰে ৷ স্মর্তব্য যে পাকিস্তানৰ হৈ গুপ্তচৰ বৃত্তিত জড়িত হোৱাৰ অভিযোগত ইতিমধ্যে ইউটিউবাৰ জ্যোতি মালহোত্রাসহ কেইবাজনো অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷