নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনত কংগ্রেছৰ বন্ধু নহয় কেজৰিৱালৰ আপ !

🔹 দিল্লী প্রদেশ কংগ্রেছৰ প্রস্তাৱ

বিশেষ বাৰ্তা, ২ জুলাই : ২০২৪ চনৰ লোকসভা নির্বাচনত বিজেপিৰ সমান্তৰালভাৱে আপৰ বিৰুদ্ধেও যুঁজিব কংগ্রেছে। কালি এই প্রস্তাৱ গ্রহণ কৰিছে দিল্লী প্রদেশ কংগ্রেছে ৷ ইয়াৰ ফলত লোকসভা নির্বাচনৰ পূর্বে বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ যি উদ্যোগ লোৱা হৈছে, তালৈ আহি পৰিছে প্রত্যাহ্বান ৷ অৱশ্যে কংগ্রেছৰ অভ্যন্তৰৰেই একাংশ নেতাই ধাৰণা কৰা অনুসৰি এই বিষয়টোত চূড়ান্ত সিদ্ধান্ত ল’ব দলৰ শীর্ষ নেতৃত্বই ৷ কিন্তু দিল্লীসহ কেইবাখনো ৰাজ্যত যি আঞ্চলিক ৰাজনীতিৰ বাধ্যবাধকতা আছে, সেয়াও স্বীকাৰ কৰি লৈছে এই কংগ্রেছ নেতাসকলে ৷ দিল্লী প্রদেশ কংগ্রেছৰ সূত্রই সদৰী কৰা অনুসৰি, কালিৰ বৈঠকত মূলতঃ দুটা প্রস্তাৱ গ্রহণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত এটা সাংগঠনিক আৰু আনটো ৰাজনৈতিক ৷

You might also like