নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় হিন্দুক স্বদেশলৈ ওভতাৰ নির্দেশ খালিস্তানীৰ

🔹 ক্রমশঃ জটিল কানাডাৰ পৰিস্থিতি

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জৰক অষ্ট্রেলিয়াৰ ছাৰেত গুলীয়াই হত্যা কৰা ঘটনাত ভাৰতীয় এজেণ্ট জড়িত থকা বুলি কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুড’ই দেশৰ সদনত মন্তব্য কৰাৰ পিছতে ভাৰত আৰু কানাডাৰ সম্পর্কৰ চৰম অৱনতি ঘটিছে৷ খালিস্তানী নেতা নিজ্জৰক হত্যাৰ ঘটনাই কানাডা উত্তপ্ত কৰি ৰাখিছে৷ দেশখনত ঘৃণাজনিত অপৰাধ আৰু অপৰাধমূলক হিংসাত্মক কার্যকলাপ বৃদ্ধি হোৱাত উদ্বিগ্ণ হৈছে ভাৰত চৰকাৰ৷ ইয়াৰ সমান্তৰালকৈ কানাডাস্থিত খালিস্তানী সংগঠনে ভাৰতীয় হিন্দুসকলক স্বদেশলৈ উভতি যাবলৈ ছ’চিয়েল মিডিয়াযোগে সকীয়নি দিছে৷ এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কানাডাত থকা ভাৰতীয় নাগৰিক আৰু শিক্ষার্থীক সজাগ হৈ থাকিবলৈ নির্দেশ দিছে বৈদেশিক মন্ত্রালয়ে৷ কানাডাৰ ৰাজধানী অট’ৱা ভ্রমণৰ পৰা ভাৰতীয় নাগৰিক আৰু শিক্ষার্থীক আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে দেশখনৰ বিভিন্ন প্রান্তত ঘৃণাজনিত অপৰাধ আৰু হিংসাত্মক অপৰাধ বৃদ্ধি পোৱাত ভাৰতীয়সকলক সজাগ হ’বলৈ নির্দেশনা জাৰি কৰিছে বৈদেশিক মন্ত্রালয়ে৷ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র অৰিন্দম বাগছীয়ে ছ’চিয়েল মিডিয়া প্লেটফর্মত ভাৰতীয় নাগৰিকসকলক সজাগ হৈ থাকিবলৈ সকীয়নি বার্তা প্রেৰণ কৰিছে৷ এটা বিবৃতিত মুখপাত্র বাগছীয়ে কয় যে ভাৰতবিৰোধী কার্যকলাপ আৰু ৰাজনৈতিকভাৱে পৰিচালিত হিংসাজনিত অপৰাধ আৰু ঘৃণাজনিত অপৰাধ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত কানাডাত থকা সকলো ভাৰতীয় নাগৰিকক ভ্রমণৰ ক্ষেত্রত সজাগ আৰু সতর্ক থাকিবলৈ নির্দেশ দিছে৷ বিশেষকৈ ভাৰতীয় কূটনীতিক আৰু ভাৰতবিৰোধী কার্যকলাপৰ বিৰোধিতা কৰা ভাৰতীয় সম্প্রদায়ৰ লোকক কানাডাৰ যি অঞ্চলত হিংসাজনিত অপৰাধ চলিছে, তেনে ঠাইলৈ নাযাবলৈ নির্দেশ দিছে ৷ জৰুৰী অৱস্থাত ভাৰতীয় ৰাষ্ট্রদূতৰ কার্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈও নির্দেশ দিয়া হৈছে৷ দেশখনত সৃষ্ট পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় উচ্চায়ুক্ত/কনছুলেট জেনেৰেলক অহর্নিশে কানাডা কর্তৃপক্ষৰ সৈতে সম্পর্ক বর্তাই ৰাখি ভাৰতীয় সমুদায়ৰ সুৰক্ষাত গুৰুত্ব দিবলৈ নির্দেশ দিয়া হৈছে৷ ভাৰতীয় নাগৰিক আৰু শিক্ষার্থীসকলে কানাডাৰ উচ্চায়ুক্তৰ কার্যালয়ত নিজৰ নাম পঞ্জীয়ন কৰিবলৈও নির্দেশ দিয়া হৈছে বিবৃতিটোত৷ ইপিনে, কানাডা চৰকাৰেও ভাৰতত থকা তেওঁলোকৰ দেশৰ নাগৰিকসকলক কাশ্মীৰৰ সন্ত্রাসবাদীৰ দ্বাৰা আক্রমণৰ সন্মুখীন হ’ব পাৰে বুলি সতর্কবাণী প্রেৰণ কৰিছে৷

You might also like