দিব্যাংগ অনুৰাগীৰ উপহাৰত আপ্লুত কোহলি
🔹 ৪০ ঘণ্টা ধৰি অংকন কৰিলে বিৰাটৰ ছবি
বিশেষ বাৰ্তা, ৭ অক্টোবৰ : শাৰীৰিক প্রতিকূলতাক উপেক্ষা কৰি ৪০ ঘণ্টা ধৰি প্রিয় ক্রিকেটাৰ বিৰাট কোহলিৰ ছবি আঁকিলে এগৰাকী দিব্যাংগ শিল্পীয়ে৷ ইয়াৰ পাছত হুইল চেয়াৰত বহিয়ে প্রিয় ক্রিকেটাৰৰ হাতত তুলি দিলে নিজে অঁকা সেই ছবি৷ হূদয়স্পর্শী এই মুহূর্তৰ সাক্ষী হৈ ৰ’ল বিৰাট কোহলি৷ চেন্নাইত বিশ্বকাপৰ প্রথম মেচ খেলিবলৈ উপস্থিত হৈছে ভাৰতীয় ক্রিকেট দল৷ সেই সময়তে বিশেষ ভক্তৰ সৈতে দেখা হয় কিং কোহলিৰ৷ জানিব পৰা মতে, চেন্নাইৰ এই বিশেষ অনুৰাগীৰ নাম শ্রীনিৱাস৷ ছবি আঁকি ভাল পায় এইগৰাকী বিশেষভাৱে সক্ষম অনুৰাগীয়ে৷ চেন্নাইত গ্রাফিক ডিজাইনিঙক লৈ পঢ়া–শুনাও কৰে তেওঁ৷ বিশ্বকাপত ভাৰত আৰু অষ্ট্রেলিয়াৰ মেচ চাবৰ বাবে টিকট কাটিবলৈ আহিছিল তেওঁ৷ সেই সময়তে শ্রীনিৱাসৰ বিষয়ে জানিব পাৰি পোনে পোনে তেওঁক দেখা কৰিবলৈ আহে কোহলি৷ চকুৰ সন্মুখত কোহলিক দেখি তেওঁ নিজে অঁকা এখন ছবি উপহাৰ দিয়ে৷ শ্রীনিৱাসে জনাইছে যে ৪০ ঘণ্টাৰো অধিক সময় ধৰি কিং কোহলিৰ এই ছবিখন আঁকিছে তেওঁ৷ ছবিখন দেখি মুগ্ধ হৈ অটোগ্রাফ দিয়ে বিৰাটে৷