নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইডেন গার্ডেনত এইবাৰ কোহলিৰ ছবি

🔹 শচীনৰ কাষত স্থান লাভ বিৰাটৰ

বিশেষ বাৰ্তা, ১১ নৱেম্বৰ : শচীন তেণ্ডুলকাৰৰ সৈতে স্থান পালে বিৰাট কোহলিয়ে৷ ইডেন গার্ডেনৰ বাহিৰত বহুওৱা হ’ল তেওঁৰ ছবি৷ নিজৰ ৩৫ সংখ্যক জন্মদিনত এদিনীয়া আন্তর্জাতিক ক্রিকেটত ৪৯ সংখ্যক  শতৰান অর্জন কৰে বিৰাটে। সেই ঐতিহাসিক মুহূর্তৰ ছবি লগোৱা হ’ল ক্লাব হাউছৰ বাহিৰত৷ ছবিত শতৰান অর্জনৰ পিছত এখন হাতেৰে বেট দাঙি আৰু আনখন হাতেৰে হেলমেট লৈ অভিবাদন গ্রহণ কৰা দেখা গৈছে কোহলিক৷ শচীনৰ শতৰানৰ ছবিৰ কাষতে লগোৱা হৈছে এইখন ছবি৷ ইয়াৰ পূর্বে সেই স্থানত আছিল ভাৰতৰ ২০০৭ চনৰ টি–২০ বিশ্বকাপ জয়ৰ ছবি৷ তাত আছিল যুৱৰাজৰ এখন ছবি৷ ইনছেটত আছিল মহেন্দ্র সিং ধোনীৰ এখন ছবি৷ সেইখন আঁতৰাই বিৰাট কোহলিৰ শতৰানৰ ছবি বহুওৱা হৈছে৷ আধুনিক ক্রিকেটৰ অন্যতম শ্রেষ্ঠ কোহলি৷ অথচ তেওঁৰ ছবি ইমানদিনে ইডেনৰ ক্লাব হাউছত নাছিল৷ ভাৰতীয় ক্রিকেটৰ বিভিন্ন ঐতিহাসিক মুহূর্তৰ ছবি আছিল ইডেনত৷ তাত গাংগুলী, ভিভিএছ লক্ষ্মণ, ৰাহুল দ্রাবিড়, শচীন আৰু কপিলদেৱৰ বিশ্বজয়ৰ ছবিও আছে৷

You might also like