নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৭ সন্তানৰ পিতৃ ৩২ বছৰীয়া তৰুণ কাইল জর্ডি

🔹 অবাস্তৱ যেন লাগিলেও এয়া সত্য

নিউজ ডেস্ক, ১৮ জানুৱাৰী : সন্তানৰ পিতৃ–মাতৃ হ’বলৈ কোনে নিবিচাৰে, তথাপি বর্তমান পৰিয়াল পৰিকল্পনাৰ যুগত সকলোৰে এটা বা দুটাহে সন্তান থাকে৷ কিন্তু ৩২ বছৰৰ যুৱক কাইল জর্ডি ৮৭টা সন্তানৰ পিতৃ৷ শুনিবলৈ অবাস্তৱ যেন লাগিলেও এয়া সত্য৷ ইফালে, আশ্চর্যকৰ বিষয়টো হৈছে এই যুৱকজন অবিবাহিত৷ ইয়াৰ পিছতো জর্ডিয়ে সপোন দেখিছে যে বিশ্বৰ প্রতিখন দেশতে তেওঁৰ সন্তান থাকিব৷ সেয়া কেনেদৰে সম্ভৱ? কেলিফ’র্নিয়াৰ বাসিন্দা জর্ডি পেছাত এজন স্পাম ড’নাৰ৷ চলিত বছৰটোৰ শেষৰফালে এশ সন্তানৰ পিতৃ হ’ব এই যুৱকজন৷ গর্ভধাৰণৰ সমস্যা থকা মহিলাসকলক সহায় কৰে জর্ডিয়ে৷ ইয়াৰ বাবে ‘বি প্রেগনেণ্ট’ নামৰ এক ৱেবছাইটো আছে জর্ডিৰ৷ এই ধৰণে শুক্রাণু দান কৰি ৮৭ সন্তানৰ পিতৃ হৈছে জর্ডি৷ এই মুহূর্তত ছুইডেন, নৰৱে, ইংলেণ্ড আৰু স্কটলেণ্ডৰ ১৪গৰাকী মহিলাৰ গর্ভত জর্ডিৰ ঔৰসজাত সন্তান আছে৷ গতিকে, বর্ষটোৰ শেষত এই মহিলাসকল মাতৃ হ’ব৷ লগে লগে জর্ডিৰ সন্তানৰ সংখ্যা বৃদ্ধি পাব ১০১লৈ৷ এই বিষয়টোক লৈ জর্ডি এতিয়া আমেৰিকাৰ লগতে পাশ্চাত্যৰ বিভিন্ন দেশত চর্চিত ব্যক্তি৷ কিন্তু আজিলৈকে জর্ডিয়ে চিনি নাপায় নিজৰ এটি সন্তানকো৷ শেহতীয়াকৈ এক সংবাদ মাধ্যমক জর্ডিয়ে কৈছে– ‘কোনো নাৰীয়ে জীৱনত মাতৃ হ’ব নোৱাৰিব বুলি দুখত থকাৰ পিছত মোৰ সহায়ত সন্তান জন্ম দিবলৈ সক্ষম হোৱাটো মোৰ বাবে আনন্দৰ বিষয়৷ বহু মহিলাক সন্তান জন্ম দিয়াৰ ক্ষেত্রত সহায় কৰিবলৈ পাই মই অত্যন্ত সুখী৷’ সমগ্র বিশ্বত স্পাম ড’নাৰ হিচাপে জনপ্রিয় জর্ডিয়ে জানিবলৈ দিছে যে ভৱিষ্যতে আয়াৰলেণ্ড, জাপান, দক্ষিণ কোৰিয়াৰ দৰে দেশত স্পাম দান কৰিবলৈ বিচাৰে তেওঁ৷ এই দেশসমূহত জর্ডিয়ে শুক্রাণু দান কৰা নাই৷ ২০২৬ চনৰ ভিতৰত বিশ্বৰ সকলো দেশতেই নিজৰ সন্তান থাকিব পাৰে বুলি জর্ডিয়ে আশা প্রকাশ কৰিছে৷ অৱশ্যে এইক্ষেত্রত সবিশেষ বর্ণনা কৰা নাই কেলিফ’র্নিয়াৰ এই ৩২ বছৰীয়া তৰুণে৷ লক্ষণীয়ভাৱে আমেৰিকা তথা পাশ্চাত্যৰ দেশসমূহত এতিয়া একাংশ স্পাম ড’নাৰে বহু মহিলাক সন্তান জন্ম দিয়াৰ ক্ষেত্রত সহায় কৰি আহিছে৷ ইয়াৰ ভিতৰত জর্ডি অন্যতম হিচাপে চিহ্ণিত হৈছে৷ গুৰুত্বপূর্ণ কথাটো হৈছে– জর্ডিয়ে মুক্তভাৱে নিজৰ প্রচাৰ চলাই আছে যদিও অন্য স্পাম ড’নাৰসকলে যথেষ্ট গোপনীয়তা অৱলম্বন কৰে৷ গতিকে, তেওঁলোকৰ কথা পোহৰলৈ নাহে৷ কিন্তু জর্ডিয়ে ৱেবছাইটত কিমানসংখ্যক মহিলাক শুক্রাণু দান কৰা হৈছে, সেই সন্দর্ভত সবিস্তাৰে প্রকাশ কৰি আহিছে৷ গতিকে, বিশ্বৰ সর্বাধিক সন্তানৰ পিতৃ হোৱাৰ গর্বৰে গর্বিত কাইল জর্ডি৷

You might also like