নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীয়কত সন্ত্ৰাস চলোৱা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ডিজিটেল ডেস্ক, ৭ জুলাই : দীৰ্ঘদিন ধৰি টীয়কৰ বলমা পদুম চাহ বাগিচাত সন্ত্ৰাস চলাই থকা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ অৱশেষত পিঞ্জৰাবদ্ধ হ’ল। টীয়কৰ বলমা পদুম চাহ বাগিচাত আজি পুৱতি নিশা বন বিভাগে পাতি থোৱা পিঞ্জৰাত আবদ্ধ হয় বাঘটো।

স্থানীয় ৰাইজে জনোৱা মতে, বিগত কিছুদিন ধৰি এই নাহৰফুটুকী বাঘটোৱে বাগিচাখনৰ লগতে কাষৰীয়া অঞ্চলত মুক্ত বিচৰণ কৰি আছিল। বাঘটোৱে স্থানীয় বহু লোকৰ কেইবাটাও গৰু, ছাগলীকে ধৰি পশুধন ভক্ষণ কৰাৰ ফলত সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি হৈছিল। নিশা হ’লেই ৰাইজ ঘৰৰ পৰা ওলাবলৈ ভয় কৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছিল।

ৰাইজৰ আবেদনৰ মৰ্মে বন বিভাগে বাঘটোক কৰায়ত্ত কৰিবলৈ বাগিচাখনৰ ভিতৰত এটা পিঞ্জৰা স্থাপন কৰিছিল। উল্লেখযোগ্য যে সোমনাথ বৰা নামৰ এগৰাকী স্থানীয় ব্যক্তিৰ সহযোগত বন বিভাগে এই পিঞ্জৰাটো পাতিছিল আৰু আজি পুৱতিনিশা অৱশেষত চিকাৰৰ সন্ধানত অহা প্ৰকাণ্ড বাঘটো পিঞ্জৰাত বন্দী হয়। বাঘটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ শ শ ৰাইজ বাগিচাত একত্ৰিত হয়। বাঘটো ধৰা পৰাত এতিয়া স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে।

You might also like