নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিবিয়াৰ জলপ্রলয় ! ৬০ মাইল উটি গ’ল মৃতদেহ

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : ভয়াৱহ ঘূর্ণি–ধুমুহা ‘ডেনিয়েল’ৰ তাণ্ডৱ আৰু বৃষ্টিপাতৰ পিছতে মৃত্যুমিছিল অব্যাহত আছে লিবিয়াত৷ বৃদ্ধি পাইছে প্রাণ হেৰুওৱা লোকৰ সংখ্যা৷ দেশখনৰ ডাৰনা চহৰত এই জলপ্রলয়ত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ইতিমধ্যে অতিক্রম কৰিছে ১১ হাজাৰ৷ ডাৰনাৰ মেয়ৰে উল্লেখ কৰা অনুসৰি, এই ভয়াৱহ প্রাকৃতিক দুর্যোগত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২০ হাজাৰলৈ বৃদ্ধি পাব৷ লিবিয়াৰ বন্দৰ চহৰ ডাৰনাত দুটাকৈ বান্ধ ভাগি চহৰখন ধ্বংসস্তূপত পৰিণত কৰি থৈ গৈছে৷ শেহতীয়াকৈ ডাৰনাৰ বানত উটি যোৱা লোকৰ মৃতদেহ পোৱা গৈছে সমুদ্রৰ ১০০ কিলোমিটাৰ দূৰৈৰ উপকূলত৷ শেহতীয়াকৈ সংবাদ সংস্থা বিবিচিয়ে সদৰী কৰিছে এই তথ্য৷ সমুদ্রত উটি যোৱা বহু লোকৰ মৃতদেহ ১০০ কিলোমিটাৰ অর্থাৎ ৬০ মাইল নিলগৰ উপকূলত উদ্ধাৰ হোৱা বুলি দাবী কৰিছে বিবিচিৰ সাংবাদিকে৷ এই মহাপ্রলয়ৰ পিছতে সমগ্র দেশখনত শোকৰ ছাঁ পৰিছে৷

You might also like