নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন’ বল ট্ৰেজেডী : শ্ৰীলংকাৰে দ্বিতীয় টি–২০ত পৰাস্ত টীম ইণ্ডিয়া

বিশেষ বাৰ্তা, ৬ জানুৱাৰীঃ নো বল ট্ৰেজেডীৰ বাবেই দ্বিতীয় টি-২০ত পৰাস্ত হল। কেইবাটাও নো বলত অতিৰিক্ত ৰানৰ লগতে ছিক্স ৰানো ব্যয় কৰা হেতু জয়ৰ কাষ চাপিও থমকি ৰল টীম ইণ্ডিয়া। ভ্রমণকাৰী দল শ্রীলংকাই পুনেত অনুষ্ঠিত দ্বিতীয়খন টি–২০ত টীম ইণ্ডিয়াক ১৬ ৰানত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি সিংহলী বাহিনীয়ে তিনিখনীয়া মেচৰ শৃংখলাটো ১–১ত সমতা স্থাপন কৰে৷ মেচখনত শ্রীলংকাই জয়ৰ বাবে বান্ধি দিয়া ২০৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সূর্য কুমাৰ যাদৱ আৰু অক্ষৰ পেটেলৰ দুর্দান্ত অর্ধশতক সত্ত্বেও ভাৰতীয় দলটোৱে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯০ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ সূর্য কুমাৰে ৩৬টা বলত তিনিটা চাৰি আৰু তিনিটা ছয়ৰে ৫১ ৰান কৰাৰ লগতে অক্ষৰে ৩১টা বলত তিনিটা চাৰি আৰু ছয়টা ছয়ৰে ৬৫ ৰান কৰে৷ শিৱম মাভিয়ে ১৫টা বলত ২৬ ৰানৰ অৰিহণা আগবঢ়ায়৷ ঈশান কিশনে ২, শুভমন গিলে ৫, নৱাগত ৰাহুল ত্রিপাঠীয়ে ৫, অধিনায়ক পাণ্ডিয়াই ১২ আৰু দীপক হুদাই ৯ ৰানহে কৰে৷ ইয়াৰ পূর্বে টীম ইণ্ডিয়াৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি কুশল মেণ্ডিছ আৰু অধিনায়ক ডুছান ছানাকাৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত শ্রীলংকাই নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২০৬ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ আহি পাথুন নিছানকা আৰু কুশল মেণ্ডিছে শ্রীলংকাক বিস্ফোৰক আৰম্ভণি দিয়ে৷ প্রথম উইকেটত ৮০ ৰান সংগ্রহ হোৱাৰ সময়তে নিছানকাই ৩৩ ৰান কৰি বিদায় লয়৷ অৱশ্যে নিছানকাই বিদায় লোৱাৰ পিছতে সিংহলী বাহিনী বিপর্যয়ত পৰে৷ ১৬ অভাৰত ৬টা উইকেট হেৰুৱাই ১৩৮ ৰান কৰি দলটোৱে বিপদত পৰিছিল যদিও অধিনায়ক ছানাকাই বিধ্বংসী ৰূপ লৈ দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ছানাকাই চামিকা কৰুণাৰত্নেৰ সৈতে লগ লাগি সপ্তম উইকেটত অপৰাজিতভাৱে ৬৮ ৰান কৰে৷ ছানাকাই মাত্র ২২টা বলত দুটা চাৰি আৰু ৬টা ছয়ৰে ৫৬ ৰান কৰি অপৰাজিত হৈ থাকে৷ কৰুণাৰত্নেই ১১ ৰানত নটআউট হৈ থাকে৷ ইফালে কুশল মেণ্ডিছে ৩১টা বলত তিনিটা চাৰি আৰু চাৰিটা ছয়ৰে ৫২ ৰানৰ অৰিহণা আগবঢ়োৱাৰ লগতে চৰিথ আছালাংকাই ১৯টা বলত চাৰিটা ছয়ৰে ৩৭ ৰানৰ অৰিহণা আগবঢ়ায়৷ টীম ইণ্ডিয়াৰ হৈ উমৰান মালিকে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে অক্ষৰ পেটেলে দুটা আৰু য়ুজবেন্দ্র চাহালে এটা উইকেট লাভ কৰে৷ অন্তিমখন টি–২০ শনিবাৰে ৰাজকোটত হ’ব৷

You might also like