নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত চলিবনে ৰোহিত-বিৰাটৰ বেটৰ যাদু! ভাৰত–শ্রীলংকাৰ মেচৰ বাবে সাজু এচিএ

বিশেষ বাৰ্তা, ৬ জানুৱাৰীঃ এইবছৰৰ শেষৰফালে ভাৰতত অনুষ্ঠিত হ’বলগা এদিনীয়া বিশ্বকাপৰ মেচ আয়োজনৰ ক্ষেত্রত প্রবল দাবীদাৰ ৰূপে আছে গুৱাহাটী৷ বিশ্বকাপৰ একাধিক মেচ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলি আশা কৰিছে অসম ক্রিকেট সন্থাই৷ সেই কথা সদৰী কৰিছে সন্থাৰ সভাপতি তৰংগ গগৈয়ে৷ শ্রীলংকাৰ বিপক্ষে ১০ জানুৱাৰীত অনুষ্ঠিত হ’বলগা শৃংখলাৰ প্রথমখন মেচৰ প্রস্তুতি সম্পর্কত সংবাদ মেল সম্বোধন কৰি গগৈয়ে কয় যে প্রাক্তন সম্পাদক তথা ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ গুৰুত্বপূর্ণ পদবীত থকা দেৱজিৎ শইকীয়াৰ জৰিয়তে গুৱাহাটীত বিশ্বকাপৰ মেচ আয়োজনৰ বাবে ব’ডক প্রয়োজনীয় সকলো ধৰণে আবেদন জনোৱা হৈছে৷ ভাৰতৰ মেচ ইয়াত আয়োজনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া নহ’লে অন্য কোনো গুৰুত্বপূর্ণ বিশ্বকাপৰ মেচ বর্ষাপাৰাত অনুষ্ঠিত কৰাৰ বাবে চেষ্টা চলোৱা হৈছে বুলিও সভাপতিগৰাকীয়ে কয়৷ উল্লেখ্য যে ভ্রমণকাৰী শ্রীলংকাৰ বিপক্ষে ভাৰতে এদিনীয়া শৃংখলাৰ প্রথমখন মেচ বর্ষাপাৰাত খেলিব৷ ইয়াৰ বাবে ষ্টেডিয়াম সম্পূর্ণৰূপে সাজু কৰি তোলা বুলি উল্লেখ কৰি গগৈয়ে কয় যে তিনি মাহমান আগতে ইয়াত আন্তর্জাতিক টি–২০ মেচ অনুষ্ঠিত হোৱা বাবে ষ্টেডিয়ামৰ প্রস্তুতিত সহায়ক হৈছে৷ তেওঁ জনোৱা মতে, ৮ জানুৱাৰীৰ পুৱা ভাৰত আৰু শ্রীলংকাৰ খেলুৱৈসকল গুৱাহাটীত উপস্থিত হ’ব৷ অৱশ্যে বর্তমান টি–২০ দলত নথকা ভাৰতীয় দলৰ কেইগৰাকীমান খেলুৱৈ ৭ জানুৱাৰীতে গুৱাহাটীলৈ আহিব৷ দুয়োটা দলৰ খেলুৱৈসকলক হোটেল ৰেডিচন ব্লুত ৰখা হ’ব বুলিও তেওঁ কয়৷ ৯ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা ৮ বজালৈ টীম ইণ্ডিয়াৰ খেলুৱৈসকলে অনুশীলন কৰিব৷ আনহাতে বিয়লি ১ বজাৰ পৰা ৪ বজালৈ শ্রীলংকান খেলুৱৈসকলে অনুশীলনত নামিব৷ বিগত মেচখনৰ সময়ত ৰাস্তা–ঘাটকে ধৰি ষ্টেডিয়ামৰ আন্তঃগাঁথনিৰ কাম কৰা হৈছিল যদিও নতুনকৈ কিছু কাম কৰি থকা হৈছে বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে টি–২০ মেচখনৰ মাজতে ফ্লাড লাইট বন্ধ হৈ যোৱাৰ ফলত কিছুসময় খেল বন্ধ ৰাখিবলগীয়া হৈছিল৷ এইবাৰ যাতে তাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছে বুলিও তৰংগ গগৈয়ে সদৰী কৰে৷ তেওঁ কয় যে মেচখনৰ পিছত এলইডি লাইটৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ বাবে সংশ্লিষ্ট সংস্থাক দায়িত্ব অর্পণ কৰা হৈছে৷ এই প্রক্রিয়াৰ বাবে কমেও এমাহ সময়ৰ প্রয়োজন হ’ব বাবে মেচখনৰ পূর্বে সেই কাম সম্পূর্ণ কৰা সম্ভৱ নহয় বুলি তেওঁ কয়৷ অৱশ্যে যোৱাবাৰৰ দৰে যাতে অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে বিগত ১৫ দিন ধৰি ফ্লাড লাইট জ্বলাই ৰখা হৈছে আৰু ত্রুটিসমূহ আঁতৰ কৰা হৈছে৷ ইপিনে বিগত মেচখনত সাপৰ আবির্ভাৱে দর্শক–নুৰাগীৰ মাজত চাঞ্চল্য সৃষ্টি কৰিছিল৷ এইবাৰ সাপ প্রতিৰোধৰ বাবে এটা সংস্থাক ৩৫ হাজাৰ টকাৰ বিনিময়ত দায়িত্ব অর্পণ কৰা হৈছে৷ তেওঁলোকে ইতিমধ্যে ষ্টেডিয়ামৰ চৌপাশে কেমিকেল ছটিওৱাৰ কাম আৰম্ভ কৰিছে বুলিও সভাপতিগৰাকীয়ে কয়৷ সংবাদ মেলত আৰু সদৰী কৰা মতে, মেচখনৰ বাবে মুঠ ৩০ হাজাৰ টিকট মুকলি কৰি দিয়া হৈছে৷ ইয়াৰে ১০ হাজাৰ টিকট ইতিমধ্যে অনলাইনযোগে বিক্রী হৈছে৷ আনহাতে এচিএৰ অন্তর্গত বিভিন্ন সংস্থাক ১০ হাজাৰ টিকট দিয়া হৈছে আৰু যোৱা চাৰি ডিচেম্বৰৰ পৰা নেহৰু ষ্টেডিয়ামত বুক মাই শ্ব’ নামৰ সংস্থাটোৰ জৰিয়তে টিকট বিক্রী কৰি থকা হৈছে৷ এই টিকট অনুৰাগীয়ে অনলাইনযোগেও ক্রয় কৰিব পাৰিব বুলি তেওঁ কয়৷

You might also like