নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্র অর্থনীতি : ২০২৫ৰ ভিতৰত ১৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি হ’ব ভাৰতৰ মহাকাশ অর্থনীতি

বিশেষ বাৰ্তা, ২২ আগষ্ট : চন্দ্রপৃষ্ঠত বিক্রম লেণ্ডাৰে সফলতাৰে অৱতৰণ কৰিব পাৰিলেই বিশ্বৰ চতুর্থখন দেশ হিচাপে ভাৰতে ইতিহাস গঢ়িব৷ অৱশ্যে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱা প্রথম দেশ হ’ব ভাৰত৷ আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ইউনিয়ন আৰু চীনে চন্দ্রপৃষ্ঠত যান অৱতৰণ কৰোৱাৰ পাছত চন্দ্রযান–৩ অভিযান সফল হ’লে ভাৰত হ’ব এই ৩খন ৰাষ্ট্রৰ একে শাৰীত ৷ চন্দ্রৰ পৃষ্ঠত সফলতাৰে যান অৱতৰণ কৰাৰ পাছত ভাৰতে কেৱল চন্দ্রৰ গৱেষণাত নতুন গতি দিয়াই নহয়, ব্যৱসায়িক ক্ষেত্রতো লাভৱান্বিত হ’ব৷ মহাকাশ উদ্যোগত ভাৰতৰ স্থান এখোপ ওপৰলৈ উঠিব৷ বিক্রম লেণ্ডাৰ চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পাছত ভাৰতৰ বাবে ই হ’ব ‘চন্দ্র অর্থনীতি’৷ ইয়ে ভাৰতৰ মহাকাশ উদ্যোগক লাভৱান্বিত কৰিব৷ কেইবাবিলিয়ন মার্কিন ডলাৰৰ উদ্যোগলৈ ৰূপান্তৰিত হ’ব৷ ভাৰতৰ ব্যক্তিগত মহাকাশ প্রযুক্তি পৰিস্থিতি তন্ত্রয়ো বিশাল পৰিধিত উজ্জীৱিত হ’ব৷ বিশ্বৰ আন দেশৰ পৰা বহু সুবিধা–সুযোগ লাভ কৰিব৷ ২০২০লৈ ভাৰতৰ মহাকাশ অর্থনীতি আছিল ৯.৬ বিলিয়ন মার্কিন ডলাৰ৷ চন্দ্রযান–৩ অভিযান সফল হ’লে ২০২৫ চনৰ ভিতৰত ভাৰতৰ এই অর্থনীতি ১৩ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাব৷ অর্থাৎ বিক্রম লেণ্ডাৰ সফলতাৰে অৱতৰণ কৰাৰ লগে লগে ভাৰতৰ মহাকাশ উদ্যোগ উজ্জীৱিত হৈ উঠিব৷ মন কৰিবলগীয়া যে ব্যক্তিগত খণ্ডৰ মহাকাশ খণ্ডত বিনিয়োগৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ একেদৰে মহাকাশ প্রযুক্তিত বিনিয়োগৰ বাবে অধিক ব্যক্তিগত প্রতিষ্ঠান আগবাঢ়ি আহিব৷ কার্যতঃ মহাকাশ প্রযুক্তিৰ উন্নয়নৰ সমান্তৰালকৈ মহাকাশ অর্থনীতিও দ্রুতগতিত বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷

You might also like