অষ্ট্রেলিয়ান অ’পেনৰ নতুন ৰাণী মেডিছন
🔹 হেটট্রিক অর্জনত ব্যর্থ এৰিনা ছাবালেংকা
নিউজ ডেস্ক, ২৭ জানুৱাৰী : অষ্ট্রেলিয়ান অ’পেনত হেটট্রিক কৰা নহ’ল এৰিনা ছাবালেংকাৰ৷ টেনিছ অনুৰাগীয়ে বছৰৰ প্রথমখন গ্রেণ্ডশ্লামতে মহিলাৰ ছিংগলছত লাভ কৰিলে নতুন চেম্পিয়ন৷ আমেৰিকাৰ মেডিছন কিজে খিতাপৰ যুঁজত ৬–৩, ২–৬, ৭–৫ ছেটৰ ব্যৱধানত পৰাস্ত কৰিলে ছাবালেংকাক৷ ২০০৯ চনৰ পৰা পেছাদাৰী টেনিছ খেলিছিল কিজে৷ ২৯ বছৰ বয়সত তেওঁ প্রথমবাৰৰ বাবে অষ্ট্রেলিয়ান অ’পেনৰ ফাইনেলত প্রৱেশ কৰি চেম্পিয়নৰ সন্মান লাভ কৰে৷ এইবাৰ ফেভাৰিট হিচাপে ফাইনেল খেলিবলৈ নামিছিল শীর্ষ বাছনিৰ ছাবালেংকাই৷ তেওঁৰ সন্মুখত আছিল হেটট্রিকৰ সুযোগ৷ কিন্তু এইবাৰ তেওঁ তিনিখন গ্রেণ্ডশ্লাম বিজয়ৰ অভিজ্ঞতা কামত লগাব নোৱাৰিলে৷ পৰহি আৰম্ভণিৰ পৰাই বেকফুটত আছিল খেলুৱৈগৰাকী৷ ইয়াৰ বিপৰীতে কিজ আছিল যথেষ্ট আত্মবিশ্বাসী৷ ছেমিফাইনেলত ইগা ছিয়াটেকক হৰুৱাই ফাইনেলত প্রৱেশ কৰা কিজক খিতাপৰ যুঁজতো আগদিনাৰ দৰে ছন্দত দেখা গৈছিল৷ মহিলাৰ ছিংগলছত আমেৰিকাৰ ফেভাৰিট আছিল ক’ক’ গফ৷ কিন্তু এইগৰাকী খেলুৱৈ কোৱার্টাৰ ফাইনেলতে পৰাজিত হোৱাত দেশখনৰ একমাত্র ভৰসা আছিল কিজ৷ অৱশ্যে ছেমিফাইনেল আৰু ফাইনেলত একেৰাহে বিশ্বৰ দুগৰাকী শ্রেষ্ঠ প্রতিপক্ষক হৰুৱাই তেওঁ খিতাপ জয় কৰিব পাৰিব বুলি হয়তো আশা কৰা নাছিল৷ কাৰণ, ২০১৭ চনত এবাৰ ইউএছ অ’পেনৰ ফাইনেল খেলাৰ বাহিৰে আন কোনো গ্রেণ্ডশ্লামৰ ফাইনেলত প্রৱেশ কৰিব পৰা নাছিল তেওঁ৷ লক্ষ্যত অবিচল হৈ থাকিলে যিকোনো স্থানত যে উপনীত হ’ব পাৰি এই কথা প্রমাণিত কৰিলে কিজে৷ ইয়াৰ আগতে একেৰাহে ২ শীর্ষ খেলুৱৈক হৰুৱাই খিতাপ জয় কৰাৰ অভিলেখৰ গৰাকী আছিল ছেৰেনা উইলিয়ামছ৷