নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানক হৰুৱাই মহাৰাজৰ জয় শ্রী হনুমান ধ্বনি

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : ৰোমাঞ্চকৰ জয়ৰ পিছতে হনুমান স্মৰণ দক্ষিণ আফ্রিকাৰ তাৰকা কেশৱ মহাৰাজৰ৷ পাকিস্তানৰ বিৰুদ্ধে ৰুদ্ধশ্বাস মেচত নৱাজৰ বলত বাউণ্ডেৰী কোবাই কেশৱ মহাৰাজে বিজয় আঁজুৰি আনে৷ তাৰ পিছতে তেওঁ জয় শ্রী হনুমান ধ্বনিৰে সিংহনাদ কৰা দেখা যায়৷ মেচৰ অন্তত ছ’চিয়েল মিডিয়াত মহাৰাজে লিখিছে– ঈশ্বৰৰ ওপৰত আস্থা আছে৷ এটি দুর্দান্ত ফলাফল উপহাৰ দিছে দলৰ খেলুৱৈসকলে৷ ছামছি, মার্কৰামে দুর্দান্ত প্রদর্শন কৰিছে৷ জয় শ্রী হনুমান৷ উল্লেখ্য যে ভাৰতীয় মূলৰ খেলুৱৈ কেশৱ মহাৰাজ৷ এই দেশৰ সংস্কৃতি আৰু হিন্দু ধর্মৰ প্রতি অগাধ বিশ্বাস আছে তেওঁৰ৷ তেওঁৰ বেটত লগোৱা থাকে ‘ঔম’ ষ্টিকাৰ৷ সেই কেশৱ মহাৰাজেই পাকিস্তানৰ বিৰুদ্ধে ত্রাণকর্তা ৰূপত অৱতীর্ণ হয়৷ মেচৰ ৪৮সংখ্যক অ’ভাৰত মহম্মদ নৱাজে শ্বর্ট বল দিয়ে৷ ইয়াৰ পিছতে বুকুত আঘাত কৰি মহাৰাজে বিজয় উদযাপন কৰা দেখা যায় ৷ সেই ছবিখনেই তেওঁ পোষ্ট কৰিছে ছ’চিয়েল মিডিয়াত৷ ইপিনে, দক্ষিণ আফ্রিকাৰ হাতত পৰাজিত হৈ প্রতিযোগিতাৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈছে পাকিস্তানৰ৷

You might also like