গুৱাহাটীৰ ৰাজভৱনত প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ শততম খণ্ড সম্প্ৰচাৰৰ প্ৰস্তুতি
বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহিলি ৰেডিঅ’ কাৰ্যসূচী ‘মন কী বাত’ এইবাৰ শততম খণ্ড সম্পূৰ্ণ কৰিবলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজভৱনত ৩০ এপ্ৰিলত লাইভ স্ক্ৰীনিঙৰ আয়োজন কৰিছে। এই পদক্ষেপ অনুসৰি গুৱাহাটীৰ ৰাজভৱনতো “মন কী বাত”ৰ শততম খণ্ডৰ প্ৰদৰ্শন প্ৰস্তুতি চলিছে। ৰাজভৱনৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মিডিয়া ইউনিটসমূহে জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠানটোৰ বিশেষ স্ক্ৰীনিঙৰ আয়োজন কৰিছে। ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোক আৰু জনপ্ৰতিনিধিক কাৰ্যসূচীটোত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। তদুপৰি, ‘মন কী বাত’ৰ পূৰ্বৰ কাৰ্যসূচীত ৰাজ্যখনৰ লোকসকলকো এই শততম খণ্ডটোৰ বিশেষ স্ক্ৰীণিং চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ প্ৰথম খণ্ডটো ৩ অক্টোবৰ, ২০১৪ত বিজয়দশমীৰ পৱিত্ৰ ক্ষণৰ দিনা আকাশবাণীৰ জৰিয়তে সম্প্ৰচাৰ কৰা হৈছিল। ২০১৫ চনৰ এপ্ৰিলৰ পৰা মন কী বাত প্ৰতি মাহৰ অন্তিম দেওবাৰে সম্প্ৰচাৰিত হৈ আহিছে আৰু ৯৯ খণ্ডটো ২৬ মাৰ্চত সম্প্ৰচাৰিত হয়। ইয়াক দূৰদৰ্শনতো ভিজুৱেলাইজ কৰা হৈছে আৰু ইয়াৰ সমগ্ৰ নেটৱৰ্কত সম্প্ৰচাৰ কৰা হৈছে। অনুষ্ঠানটো দূৰদৰ্শনত সাংকেতিক ভাষাত সম্প্ৰচাৰ কৰা হয়। মন কৰিবলগীয়া যে মন কী বাতৰ শততম খণ্ডটো ৩০ এপ্ৰিলত সম্প্ৰচাৰ কৰা হ’ব। ইফালে মন কী বাতৰ প্ৰথম খণ্ডটোৰ সময়সীমা আছিল ১৪ মিনিট, দ্বিতীয় খণ্ডত এই সময় ১৯ মিনিট আৰু তৃতীয় খণ্ডত ২৬ মিনিটলৈ বৃদ্ধি হৈছিল। চতুৰ্থ খণ্ডৰ পৰা প্ৰতিটো খণ্ডৰ সময়সীমা ৩০ মিনিট ধাৰ্য কৰা হৈছে। আৰম্ভণিতে এই সম্প্ৰচাৰ কেৱল হিন্দী ভাষাত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ইয়াৰ ইংৰাজী সংস্কৰণ তথা সংস্কৃত সংস্কৰণ যথাক্ৰমে ৩১ জানুৱাৰী ২০১৬ আৰু ২৮ মে ২০১৭ৰ পৰা আৰম্ভ কৰা হৈছিল। বৰ্তমান মন কী বাত ২৩টা ভাষা য’ত ইংৰাজীকে ধৰি ২২টা ভাৰতীয় ভাষা, ২৯টা উপভাষা (উত্তৰ-পূৰ্বাঞ্চলৰ ২৫টা আৰু ছত্তীশগড়ৰ ৪টা) আৰু ১১টা বিদেশী ভাষাত সম্প্ৰচাৰিত হৈ আহিছে। ভাৰতীয় ভাষাসমূহৰ ভিতৰত আছে হিন্দী, সংস্কৃত, পাঞ্জাৱী, তামিল, তেলুগু, কানাড়া, মাৰাঠী, গুজৰাটী, মালায়ালম, ওড়িয়া, কোংকনী, নেপালী, কাশ্মীৰী, ডোগৰী, মণিপুৰী, মৈথিলী, বাংলা, অসমীয়া, বড়ো, সন্থলী, উৰ্দু আৰু সিন্ধি। উপভাষাবোৰ হৈছে ছত্তীশগড়ী, গোণ্ডি, হালবি, ছাৰগুজিয়া, পাহাৰী, ছীনা, গোজৰী, বাল্টি, লাডাখি, কাৰ্বি, খাচী, জয়ন্তীয়া, গাৰো, নাগামিজ, মাৰ, পাইট, থাডু, কাবুই, মাও, টাংখুল, নিছি, আদি, মনপা, আও, অংগামি, কোকবৰক, মিজো, লেচপা আৰু ছিকিমিজ (ভুটিয়া) ৷ আনহাতে ফৰাচী, চীনা, ইণ্ডোনেচিয়ান, তিব্বতীয়, বাৰ্মিজ, বালুচি, আৰবী, পাশ্বতু, পাৰ্চী, দাৰি আৰু ছোৱাহিলীৰ দৰে বিদেশী ভাষাতো এই অনুষ্ঠানৰ সম্প্ৰচাৰ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে মন কী বাত কাৰ্যসূচীত এই পৰ্যন্ত ৭০০তকৈও অধিক ব্যক্তি আৰু প্ৰায় ৩০০টা সংগঠনৰ কথা উল্লেখ কৰিছে। ইয়াৰ ভিতৰত আছে বিদেশৰ ৩৭জন ব্যক্তি আৰু ১০টা সংগঠন।