৪৮ ঘণ্টাতে কর্মীৰ কামৰ হিচাপ লাগে মাস্কক
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ হঠকাৰীৰ সিদ্ধান্ত লোৱাৰ ‘খ্যাতি’ আছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ এইবাৰ ট্রাম্পৰ সংগী এলন মাস্কেও সেই পথ গ্রহণ কৰিছে৷ মার্কিন ৰাষ্ট্রপতিৰ অন্যতম উপদেষ্টা এলন মাস্কৰ নির্দেশ, ৪৮ ঘণ্টাৰ ভিতৰত আমেৰিকাৰ সকলো চৰকাৰী বিভাগৰ কর্মীসকলে কামৰ হিচাপ দিব লাগিব৷ অন্যথা কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ চৰকাৰী কর্মীসকলে এই সম্পর্কীয় ই–মেইল লাভ কৰিছে কালি৷ সোমবাৰে ১২ বজাৰ ভিতৰত প্রতিবেদন জমা দিবলৈ কোৱা হৈছে৷ এনে নির্দেশৰ ফলত চাপত পৰিছে আমেৰিকাৰ চৰকাৰী কর্মচাৰীসকল৷ এনে নির্দেশে কর্মচাৰীসকলক লৈ উদ্বিগ্ন কৰি তুলিছে৷ আনফালে মাস্কৰ এনে নির্দেশক লৈ বিৰক্তও হৈছে বহু কর্মী৷ নতুন নির্দেশনাত এই কথাও উল্লেখ কৰা হৈছে যে কামত গাফিলতি কৰা কর্মচাৰীসকলক চাটাই কৰা হ’ব৷ এলন মাস্কে ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত উল্লেখ কৰিছে যে কোনো কর্মীয়ে নির্দিষ্ট সময়ৰ ভিতৰত কামৰ খতিয়ান দিব নোৱাৰিলে সেয়া কর্মচাৰীৰ পদত্যাগ হিচাপে বিবেচনা কৰা হ’ব৷ ট্রাম্পৰ নির্দেশতেই এলন মাস্কে চৰকাৰী কর্মচাৰীসকলৰ ওপৰত এই চাপ সৃষ্টি কৰিছে নেকি, সেয়া জানিব পৰা হোৱা নাই৷ কিছুদিন পূর্বে ৰাষ্ট্রপতি ট্রাম্পে মন্তব্য কৰিছিল যে এলন মাস্কে ভাল কাম কৰি আছে, কিন্তু অধিক কঠোৰ পদক্ষেপ মাস্কে গ্রহণ কৰিব লাগিব৷ ইয়াৰ পিছতে চৰকাৰী কর্মীসকলৰ কামৰ হিচাপ বিচাৰিলে ধনকুবেৰ এলন মাস্কে৷ আমেৰিকাৰ কর্মী ব্যৱস্থাপনা বিভাগ বা অফিচ অৱ পার্ছনেল মেনেজমেণ্টৰ পৰা চৰকাৰী কর্মীসকললৈ এই ই–মেইল প্রেৰণ কৰা হৈছে৷ এই ঘটনাক লৈ আমেৰিকাৰ প্রায় ২৩ লাখ চৰকাৰী কর্মচাৰী ক্ষুব্ধ হৈছে৷ বহু কর্মীয়ে সংবাদ মাধ্যমক জনাইছে যে কামৰ খতিয়ান বিচৰা প্রক্রিয়া অতি হঠকাৰী৷ বর্তমান বহু কর্মী ছুটীত আছে৷ ইফালে প্রতিৰক্ষা বিভাগৰ কর্মীসকলৰ কিছুসংখ্যক এনে স্থানত আছে, য’ত ইণ্টাৰনেট সেৱা নাই, ই–মেইল যোগাযোগ সম্ভৱ নহয়৷ গতিকে এই বিষয়টোৱে এতিয়া আমেৰিকাজুৰি সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি৷