নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলত নাই মেছি : ব্রাজিল–উৰুগুৱেৰে আৰ্জেণ্টিনাৰ বিশ্বকাপ কোৱালিফায়াৰ মেচ

নিউজ ডেস্ক, ১৯ মাৰ্চঃ ২৬ মার্চত ব্রাজিলৰ বিপক্ষে মুখামুখি হ’ব বিশ্ব চেম্পিয়ন আর্জেণ্টিনা৷ ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ মেগা মেচৰ পূর্বে আর্জেণ্টিনাৰ শিবিৰত উদ্বেগৰ খবৰ৷ বহু প্রতীক্ষিত এই মেচখনত খেলিব নোৱাৰিব আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছিয়ে৷ কেৱল সেয়াই নহয়, ২২ মার্চত উৰুগুৱেৰ বিপক্ষে খেলিবলগীয়া মেচখনতো অংশ লোৱাৰ পৰা বিৰত থাকিব এমএল–১০৷ কিছুদিন পূর্বে আঘাতৰ বাবে নেহমাৰ জুনিয়ৰক ব্রাজিলৰ দলৰ পৰা বাদ দিয়া হৈছিল৷ এইবাৰ আঘাতৰ বাবে বাদ পৰিল মেছিও৷ ফলত, ফুটবল অনুৰাগীসকলে অধীৰ আগ্রহেৰে বাট চাই থকা মেছি আৰু নেইমাৰৰ যুঁজখন প্রত্যক্ষ কৰাৰ পৰা বঞ্চিত হ’ব৷ আনহাতে, আর্জেণ্টিনাৰ সংবাদ মাধ্যমে প্রকাশ কৰিছে যে দেওবাৰে মেজৰ লীগ ছ’কাৰত আটলাণ্টা ইউনাইটেড আৰু ইণ্টাৰ মিয়ামিৰ মাজত মেচ অনুষ্ঠিত হৈছিল আৰু উক্ত মেচখনত মেছিয়ে বাঁও ভৰিৰ পেশীত বিষ অনুভৱ কৰিছিল৷ অৱশ্যে মেছিয়ে সম্পূর্ণ ৯০ মিনিট খেলিছিল৷ মেছিৰ বাহিৰেও আন কেইবাজনো খেলুৱৈ আঘাতৰ বাবে আর্জেণ্টিনা দলৰ পৰা বাহিৰ হয়৷ পাওলো ডাইবালা, গঞ্জালো মণ্টিয়েল আৰু জিঅ’ভানি লো চেলছ’ও উক্ত খেল দুখনৰ পৰা বাহিৰ হৈছে৷ মন কৰিবলগীয়া যে ২৫ পইণ্টেৰে পইণ্ট তালিকাৰ শীর্ষত আছে আর্জেণ্টিনা৷ দ্বিতীয় আৰু পঞ্চম স্থানত আছে উৰুগুৱে আৰু ব্রাজিল৷

You might also like