নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমএইচ–৩৭০ক পাইলটে সমুদ্রত পেলাইছিল!

🔹মালয়েছিয়াৰ সন্ধানহীন বিমানক লৈ পুনৰ ৰহস্য

বিশেষ বাৰ্তা, ১১ মার্চ : মালয়েছিয়াৰ এখন যাত্রাবাহী বিমান অন্তর্ধান হোৱাৰ ১০ বছৰ পিছতো ৰহস্যৰ অৱসান ঘটা নাই৷ ইয়াৰ মাজতে এগৰাকী বিমানসেৱা বিশেষজ্ঞৰ মতামত পোহৰলৈ আহিছে৷ বিশেষজ্ঞগৰাকীৰ এই মতামতে দীর্ঘদিন ধৰি চলি থকা ৰহস্যৰ মোৰ সলনি কৰি দিব বুলি ধাৰণা কৰিছে বিভিন্ন পক্ষই৷ ব্রিটিছ বিমানসেৱা বিশেষজ্ঞ ছাইমন হার্ডিয়ে দাবী কৰিছে যে মালয়েছিয়া এয়াৰলাইনছৰ ফ্লাইট–৩৭০ বা এমএইচ–৩৭০ বিমান অন্তর্ধান হোৱাৰ নেপথ্যত আছে বিমানখনৰ পাইলটগৰাকীৰ ষড়যন্ত্র৷ পাইলটগৰাকীয়েই গণহত্যাৰ পৰিকল্পনা কৰিছিল বুলি দাবী কৰিছে হার্ডিয়ে৷ নিউয়র্ক পোষ্টৰ এক প্রতিবেদনত ছাইমন হার্ডিৰ বক্তব্যৰ উদ্ধৃতি দি প্রকাশ কৰা হৈছে যে এমএইচ–৩৭০ৰ পাইলট কেপ্টেইন জাহাৰি আহমেদ শ্বাহে বিমানখনৰ যাত্রীসকলক হত্যাৰ ষড়যন্ত্র চলাইছিল৷ পাইলটগৰাকীয়ে নিখুঁতভাৱে বিমানখন সমুদ্রৰ মাজত গৈ পেলাই দিছিল বুলিও দাবী কৰিছে হার্ডিয়ে৷ জাহাৰিৰ মানসিক স্বাস্থ্য ঠিকেই নাছিল বাবে এনেদৰে বিমানখনৰ যাত্রীসকলক হত্যাৰ ষড়যন্ত্র ৰচিছিল বুলিও দাবী কৰিছে হার্ডিয়ে৷

You might also like