নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছক অংগুষ্ঠ দেখুৱাই বংগৰ ৪২ আসনতে প্রার্থী তৃণমূলৰ

🔹 লোকসভা নির্বাচনৰ প্রাকক্ষণত ‘ইণ্ডি’ জোঁটত মোক্ষম আঘাত

বিশেষ বাৰ্তা, ১১ মার্চ : লোকসভা নির্বাচনৰ প্রাক্ক্ষণত বিৰোধী ঐক্য ইণ্ডি জোঁটত মোক্ষম আঘাত৷ ইণ্ডি জোঁটৰ অংশীদাৰ কংগ্রেছক অংগুষ্ঠ প্রদর্শন কৰি পশ্চিমবংগৰ শাসকীয় দল তৃণমূল কংগ্রেছে ৰাজ্যখনৰ আটাইকেইটা সংসদীয় সমষ্টিত দলীয় প্রার্থী তালিকা প্রকাশ কৰি চলি থকা জোঁটৰ সম্ভাৱনা সম্পূর্ণকৈ নস্যাৎ কৰিলে৷ লগে লগে পশ্চিমবংগত ইণ্ডি জোঁটৰ লোকসভা নির্বাচনত আসন ভাগ–বাটোৱাৰা কৰি প্রতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰো অৱসান ঘটিল৷ কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যে দেশৰ প্রধান বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে লোকসভা নির্বাচনত অৱতীর্ণ হোৱাৰ বাবে গঠিত ইণ্ডি জোঁটৰ অন্যতম প্রধান কংগ্রেছক নস্যাৎ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কলকাতাৰ ব্রিগেড পেৰেড গ্রাউণ্ডত ৰাজ্যখনৰ ৪২টা সংসদীয় সমষ্টিত প্রার্থী ঘোষণা কৰিলে৷ পশ্চিমবংগত অকলেই লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰা মুখ্যমন্ত্রী বেনার্জীয়ে ব্রিগেড পেৰেড গ্রাউণ্ডৰ সমাৱেশত অসম আৰু মেঘালয়তো টিএমচিয়ে অকলে প্রতিদ্বন্দ্বিতা কৰিব বুলি আনুষ্ঠানিক ঘোষণা কৰে৷ ইণ্ডি জোঁটৰ কংগ্রেছৰ সৈতে পশ্চিমবংগ, অসম আৰু মেঘালয়ত সম্পর্ক বিচ্ছিন্ন কৰি টিএমচিয়ে ইণ্ডি জোঁটৰ সকলো সম্ভাৱনাক নস্যাৎ কৰিছে যদিও উত্তৰ প্রদেশত এতিয়াও টিএমচিয়ে ইণ্ডি জোঁটৰ অন্যতম দল অখিলেশ যাদৱৰ সমাজবাদী পার্টীৰ সৈতে আসন ভাগ–বাটোৱাৰাক লৈ বার্তালাপ চলাই আছে৷ ৰাজ্যখনত টিএমচিয়ে এখন লোকসভাৰ আসন বিচাৰিছে বুলিও মুখ্যমন্ত্রীৰ ভাষণত প্রকাশ পাইছে৷ উল্লেখ্য যে বিগত দুমাহ ধৰি পশ্চিমবংগত ইণ্ডি জোঁটৰ কংগ্রেছ আৰু তৃণমূল কংগ্রেছে লোকসভা নির্বাচনত আসন ভাগ–বাটোৱাৰা কৰি প্রতিদ্বন্দ্বিতা কৰাক লৈ চলি থকা সকলো সম্ভাৱনাৰ অৱসান ঘটিল৷ কংগ্রেছৰ সৈতে মিত্রতা ভংগৰ আনুষ্ঠানিকতা সম্পন্ন কৰি তৃণমূল কংগ্রেছে ৪২টা লোকসভা সমষ্টিৰ প্রার্থী ঘোষণা কৰে৷ ঘোষিত প্রার্থী তালিকাত পুৰণিক প্রাধান্য দিয়ে যদিও কেইবাজনো নতুন প্রার্থী প্রক্ষেপ কৰিছে টিএমচিয়ে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে সামাজিক মাধ্যমত প্রকাশ কৰা মতে, কংগ্রেছে বাৰম্বাৰ পশ্চিমবংগত টিএমচিৰ সৈতে আসন ভাগ–বাটোৱাৰা কৰাৰ আশা ব্যক্ত কৰি আহিছিল৷ আলোচনাৰ মাধ্যমেৰে দুয়োটা দলৰ মাজত মর্যাদা বর্তাই ৰাখি আসন ভাগ–বাটোৱাৰাৰ বাবে কংগ্রেছে আগবাঢ়ি আহিছিল যদিও টিএমচিয়ে সেয়া গ্রহণ নকৰিলে৷ কংগ্রেছে সদায়ে ইণ্ডি জোঁটৰ লগত মিলিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজাৰ লক্ষ্য লৈ আহিছে৷ আনপিনে বিজেপিয়েও টিএমচিৰ তালিকাক লৈ প্রতিক্রিয়া ব্যক্ত কৰি বিজেপিৰ পৰা বর্জিতই তালিকাত স্থান পাইছে বুলি টিএমচিক ককর্থনা কৰিছে৷

You might also like