নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ মহাকাশলৈ প্রেৰণ কৰিবলগীয়া ৪ নভোচৰৰ নাম ঘোষণা মোদীৰ

🔹 মহাকাশৰ ৪০০ কিলোমিটাৰ কক্ষপথত তিনি দিন থাকিব ভাৰতীয় নভোচৰে : ইছৰোৰ প্রস্তুতি তুংগত

বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰী : চলিত বছৰতে ভাৰতে ‘গগনযান’ অভিযান চলাব ৷ প্রথমবাৰলৈ ভাৰতে নিজাববীয়াকৈ মহাকাশলৈ প্রেৰণ কৰিব ৩গৰাকী নভোচৰ৷ ইতিমধ্যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে এই অভিযানৰ বাবে প্রস্তুতি তুংগত তুলিছে৷ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেৰালাৰ তিৰুৱনন্তপুৰমৰ বিক্রম ছাৰাভাই মহাকাশ কেন্দ্রত প্রথমবাৰলৈ ভাৰতৰ নিজাববীয়া অভিযানত অংশগ্রহণৰ প্রস্তুতি চলোৱা ৪গৰাকী নভোচৰৰ নাম ঘোষণা কৰিলে ৷ এই ৪ নভোচৰক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্রধানমন্ত্রীয়ে আনুষ্ঠানিকভাৱে তেওঁলোকৰ পৰিচয়ো সদৰী কৰিলে৷ মাত্র কেইদিনমান পূর্বে মহাকাশচাৰীসকলৰ যি যান প্রেৰণ কৰা হ’ব, তাৰ ক্রায়োজেনিক ইঞ্জিনৰ সফল পৰীক্ষা কৰিছিল ইছৰোৱে৷ ‘গগনযান’ৰে মহাকাশলৈ তিনিগৰাকী নভোচৰে যাত্রা কৰিব যদিও বিভিন্ন ধৰণৰ প্রশিক্ষণ গ্রহণ কৰিছে চাৰিজনে৷ এই চাৰিওজন নভোচৰৰ প্রশিক্ষণপ্রাপ্ত যুৱক হৈছে বায়ুসেনাৰ বিষয়া৷ এই বিষয়াকেইগৰাকী হৈছে বায়ুসেনাৰ পাইলট৷ চাৰিওগৰাকী পাইলটৰ নাম হৈছে গ্রুপ কেপ্টেইন বালকৃষ্ণন নায়াৰ, গ্রুপ কেপ্টেইন অংগড প্রতাপ, গ্রুপ কেপ্টেইন অজিত কৃষ্ণন আৰু উইং কমাণ্ডাৰ শুভাংক শুক্লা৷ গ্রুপ কেপ্টেইন হিচাপে যিকোনো প্রতিকূল পৰিস্থিতিৰ মোকাবিলা কৰাৰ দক্ষতা আছে চাৰিওগৰাকী পাইলটৰ৷ বেংগালুৰুত বায়ুসেনাৰ নভোচৰ কেন্দ্রত বিশেষ প্রশিক্ষণ দিয়া হৈছে চাৰিওজনক৷ বায়ুসেনাৰেই ইনষ্টিটিউট অৱ এৰোস্পেচ মেডিচিনত এই চাৰিওজনক বাছনি কৰা হৈছে৷ বাছনি প্রক্রিয়া অন্ত পৰাৰ পিছতেই আজি তেওঁলোকৰ নাম ঘোষণা কৰে প্রধানমন্ত্রী মোদীয়ে৷ ২০১৯ চনত ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ইছৰো) আৰু ৰুছ মহাকাশ গৱেষণা সংস্থা ‘ৰছকছমছ’ৰ নিয়ন্ত্রণাধীন সংস্থা গ্লাভকছমছৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ হৈছিল৷ ইয়াৰ পিছতে অন্য নভোচৰসকলৰ সৈতে ৰাছিয়াত য়ুৰি গেগেৰিন মহাকাশ কেন্দ্রত প্রশিক্ষণ দিয়া হৈছিল বায়ুসেনাৰ এই চাৰিওগৰাকী বিষয়াক৷ ২০২০ চনৰ ফেব্রুৱাৰীৰ পৰা ২০২১ চনৰ মার্চলৈকে ৰাছিয়াতে চাৰিওজনে প্রশিক্ষণ লৈছিল৷ উল্লেখনীয় যে মহাকাশৰ ৪০০ কিলোমিটাৰ কক্ষপথত মানৱ প্রেৰণৰ যি পৰিকল্পনা, তাৰ অংশ হিচাপে যোৱা অক্টোবৰ মাহত মহাকাশলৈ পৰীক্ষামূলকভাৱে মানৱবিহীন ‘গগনযান’ প্রেৰণ কৰিছিল ইছৰোৱে৷ মহাকাশচাৰীসকলক মহাকাশলৈ প্রেৰণৰ পিছত কেনেদৰে তেওঁলোকক নিৰাপদে পৃথিৱীলৈ ওভতাই আনিব পৰা যাব, সেই বিষয়টো পৰীক্ষা কৰি চাবলৈ এই পদক্ষেপ গ্রহণ কৰা হৈছিল৷ উল্লেখনীয় যে ইয়াৰ পূর্বে ‘ব্যোমমিত্রা’ নামৰ এটা ৰবট মহাকাশলৈ প্রেৰণ কৰিব ইছৰোৱে ৷ সেই অভিযান সফল হ’লে মহাকাশলৈ নভোচৰ প্রেৰণৰ চূড়ান্ত প্রস্তুতি চলোৱা হ’ব৷ ৩ দিন মহাকাশত থকাৰ পিছত নভোচৰসকলক পৃথিৱীলৈ ওভতাই অনা হ’ব ‘গগনযান’ৰে ৷ শেহতীয়াকৈ ‘গগনযান’ৰ চিই–২০ ক্রায়োজেনিক ইঞ্জিনৰ সফল পৰীক্ষা সম্পন্ন কৰিছে ইছৰোৱে৷ এই ইঞ্জিনে ‘গগনযান’ৰ এটা বিশেষ পর্যায়ত মহাকাশচাৰীসকলক শক্তি যোগাব বুলি জানিব পৰা গৈছে৷ ইছৰোৰ মহাকাশচাৰীসকলক যি যানত ‘গগনযান’ অভিযানত প্রেৰণ কৰা হ’ব, তাৰ নাম হৈছে লন্স ভেহিকল মার্ক–৩ (এলভিএম–৩)৷ যোৱা বছৰৰ পৰাই ‘গগনযান’ৰ একাধিক যন্ত্রপাতিৰ পৰীক্ষা চলাই আছে ইছৰোৱে৷ উল্লেখনীয় যে আজি চাৰিওগৰাকী নভোচৰৰ নাম ঘোষণা কৰাৰ পিছতে মোদীয়ে ‘মহাকাশচাৰী উইং’ গঠন হোৱা বুলিও ঘোষণা কৰে৷ দেশবাসীৰ হৈ প্রধানমন্ত্রীয়ে চাৰিওজন নভোচৰক অভিনন্দনো জ্ঞাপন কৰে৷ উল্লেখ্য যে কেৰালাত আজি প্রধানমন্ত্রী মোদীয়ে বিক্রম ছাৰাভাই মহাকাশ কেন্দ্রত উপস্থিত হোৱাৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়ন, কেন্দ্রীয় মন্ত্রী মুৰুলী ধৰণ আৰু ইছৰোৰ মুৰব্বী এছ সোমনাথো উপস্থিত থাকে৷

You might also like