নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজগড়ৰ বিউটী পার্লাৰত দেহ ব্যৱসায়ৰ অভিযোগক লৈ চাঞ্চল্য

🔹 প্ৰকৃততে ২১ ফেব্রুৱাৰীৰ সন্ধিয়া কি হৈছিল বিউটী পার্লাৰখনত !

বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰী : মহানগৰীৰ বিভিন্ন প্রান্তত থকা বিউটী পার্লাৰ, স্পাত প্রকৃততে চলে কি? সৌন্দর্য চর্চাৰ নামত প্রতিদিনে বিউটী পার্লাৰসমূহত নাৰীদেহৰ ব্যৱসায় চলে নেকি? এনেধৰণৰ প্রশ্নই দীর্ঘদিন ধৰি মহানগৰীৰ সচেতন মহলক ব্যস্ত কৰি ৰখাৰ সময়তে ৰাজগড়ৰ এখন বিউটী পার্লাৰত নাৰীদেহ ব্যৱসায়ৰ অভিযোগক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ২১ ফেব্রুৱাৰীৰ দিনা এই ঘটনা সংঘটিত হৈছিল৷ ৰাজগড়ৰ বি–ষ্ট্রেণ্ডছ নামৰ পার্লাৰখনত এগৰাকী যুৱতীসহ এজন যুৱক উলংগ অৱস্থাত উদ্ধাৰ হোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত সর্বত্রে প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ দৃশ্যটোত দেখা গৈছে- নামমাত্র বস্ত্র পৰিধান কৰা এগৰাকী যুৱতীক এচাম যুৱকৰ দলে আগচি ধৰি এনেদৰে বডী মাছাজৰ নামত দেহ ব্যৱসায় কিয় চলাইছে বুলি প্রশ্ন উত্থাপন কৰে ৷ এই সন্দর্ভত আজি উক্ত পার্লাৰখনৰ স্বত্বাধিকাৰী জনৈক বিনীতা নামৰ মহিলাগৰাকীয়ে চানমাৰি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰাৰ পাছত ঘটনাটো পোহৰলৈ আহিছে৷ পার্লাৰখনৰ স্বত্বাধিকাৰী বিনীতাই অভিযোগ কৰা মতে, বিগত সাত মাহ পূর্বে ৰাজগড়ত পার্লাৰখন খোলা হৈছিল যদিও তেওঁৰ পার্লাৰত কোনোধৰণৰ দেহ ব্যৱসায় কোনো কালে চলা নাছিল৷ সম্পূর্ণ পৰিকল্পিতভাৱে একমাত্র ধনৰ লোভত সাংবাদিকৰ ভুৱা পৰিচয়েৰে একাংশ যুৱকৰ দলে এই দৃশ্য প্রস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছে৷ আজি সংবাদ মাধ্যমৰ সন্মুখত মহিলাগৰাকীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে বিগত ২১ ফেব্রুৱাৰীৰ সন্ধিয়া প্রায় ৫.২০ বজাত এগৰাকী গ্রাহকে বিউটী পার্লাৰখনলৈ আহি স্পা মাছাজ ল’ব বুলি কৈছিল৷ সেই মতে পার্লাৰখনত কর্মৰত এগৰাকী যুৱতীক বিনীতাই গ্রাহকগৰাকীক মাছাজ দিবলৈ কৈছিল৷ তেওঁ কয় যে কোনো কালে গ্রাহকজন পার্লাৰলৈ অহা নাছিল৷ ভিতৰলৈ সোমাই যোৱাৰ পাছত গ্রাহকজনেহে ২৫ হাজাৰ টকাপর্যন্ত দিয়াৰ কথা কৈ যুৱতী কর্মচাৰীজনক কাপোৰ খোলাৰ প্রস্তাৱ দিছিল৷ যুৱকজনৰ প্রস্তাৱত সন্মতি নিদিয়া যুৱতী কর্মচাৰীগৰাকীয়ে পার্লাৰখনত এনেধৰণৰ অশ্লীল কর্মকাণ্ড নচলে বুলি উল্লেখ কৰি কাপোৰ খুলিবলৈ অমান্তি হৈছিল৷ কিন্তু যুৱকজনে বলপূর্বকভাৱে তেওঁক অৱেশষত কাপোৰ খুলিবলৈ বাধ্য কৰিলে৷ তাৰ কিছু সময় পাছতে প্রায় ১৫জনীয়া এটা দলে অতর্কিতে আহি পার্লাৰখনত স্পা লৈ থকা নির্দিষ্ট ৰুমটোত প্রৱেশ কৰি যুৱতী কর্মচাৰীগৰাকীক বলপূর্বকভাৱে বিভিন্ন প্রশ্নৰে ব্যতিব্যস্ত কৰি তুলি ভিডিঅ’ প্রস্তুত কৰে৷ অকল যুৱতীগৰাকীকে নহয়, এই কথাৰ প্রতিবাদ কৰাৰ পাছত স্পাখনৰ স্বত্বাধিকাৰী মহিলাগৰাকীকো যুৱকৰ দলটোৱে গাত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিনীতাই৷ এনেধৰণৰ কর্মকাণ্ড কি কাৰণত কৰা হ’ল, সেই কথা সোধাৰ পাছতো কোনোধৰণৰ উত্তৰ নিদিয়াকৈ যুৱকৰ দলটো মুহূর্তৰ ভিতৰতে ওলাই যায় যদিও প্রায় ১০ মিনিট পাছতে এটা ফোন নম্বৰৰ পৰা এজন যুৱকে ফোন কৰি বিনীতাৰ পৰা তিনি লাখ টকা দাবী কৰে৷ বিচৰা ধন দিবলৈ অমান্তি হ’লে সকলো ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰাৰো ভাবুকি দিয়ে অচিনাক্ত যুৱকজনে৷ বাৰম্বাৰ ফোন কৰি তেওঁক ব্যতিব্যস্ত কৰা যুৱকজনে আকৌ এটা অচিনাকি নম্বৰৰ পৰা তেওঁক ফোন কৰি এইবাৰ তিনি লাখৰ সলনি ডেৰ লাখ টকা হ’লেও দিবলৈ দাবী জনায়৷ আনকি ধনখিনি ক’তো দিবলৈ যোৱাৰ সলনি গুগল পে’যোগে দিয়াৰ কথাও অচিনাক্ত যুৱকজনে বিনীতাক কয়৷ নিজকে সাংবাদিক বুলি পৰিচয় দিয়া যুৱকৰ দলটোৰ সৈতে কোনোধৰণৰ পৰিচয় পত্র নাছিল যদিও প্রতিজনৰ হাতে হাতে ম’বাইল ফোন আছিল বুলিও বিনীতাই লগতে কয়৷ আনহাতে, বৃহৎ এই যুৱকৰ দলটোত এগৰাকী মহিলাও আছিল বুলি বিনীতাই উল্লেখ কৰে৷ ইপিনে, সাংবাদিকৰ নাম লৈ এনেদৰে অশ্লীল দৃশ্য সংগ্রহ কৰি ধনদাবী কৰা যুৱকৰ দলটোৰ এই কাণ্ডই সংবাদ মহলতো তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ স্পা বা বিউটী পার্লাৰত এনেধৰণৰ অনৈতিক কর্মকাণ্ড সংঘটিত হোৱাটো কোনোধৰণৰ নতুন কথা নহয় যদিও এনেদৰে ধন নিদিলে সংগ্রহ কৰা দৃশ্যৰ বাতৰি কৰিম বুলি দিয়া ভাবুকিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তাৎপর্যপূর্ণভাৱে ভাইৰেল হোৱা দৃশ্যটোত থকা ভুক্তভোগী যুৱতী কর্মচাৰীগৰাকী দুদিন পূর্বেহে অর্থাৎ ২১ ফেব্রুৱাৰীৰ দুদিন আগতহে পার্লাৰখনলৈ কর্মচাৰী হিচাপে আহিছিল বুলি স্বত্বাধিকাৰী বিনীতাই সদৰী কৰিছে৷ অৱশ্যে ঘটনাটো হোৱাৰ পাছত যুৱতীগৰাকী ক’লৈ গ’ল, সেয়া তেওঁৰ হাতত কোনোধৰণৰ তথ্য নাই বুলি দিয়া স্বীকাৰোক্তিয়ে কিছু ৰহস্যৰো সৃষ্টি কৰিছে৷ আজি চানমাৰি থানাত এই সন্দর্ভত পার্লাৰখনৰ স্বত্বাধিকাৰী বিনীতাই এটা গোচৰ ৰুজু কৰাৰ পাছত আৰক্ষীৰ দলে পার্লাৰখনলৈ আহি সকলো ঘটনা তদন্ত কৰি আছে বুলি জানিব পৰা গৈছে৷ বর্তমানলৈকে ঘটনাটো সন্দর্ভত কাকো আটক অথবা গ্রেপ্তাৰ কৰা হোৱা নাই যদিও সংবাদ মাধ্যমৰ নাম লৈ এনেধৰণে ব্লেকমেইলিং কৰা ঘটনাই স্বাভাৱিকতে সকলো পক্ষকে আচৰিত কৰি তুলিছে৷

You might also like