নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধন লৈ মাটিৰ পট্টা দিছিল কংগ্ৰেছে : মন্ত্ৰী অশোক সিংহল

🔹 ঢেকীয়াজুলিত ৫ সহস্ৰাধিকক মাটিৰ পট্টা বিতৰণ 

বিশেষ বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : “কংগ্ৰেছৰ দিনত ধনী মানুহক মাটিৰ পট্টা দিয়া হৈছিল৷ কংগ্ৰেছৰ দিনত মন্ত্ৰী-বিধায়কৰ ঘৰে ঘৰে গৈ ধন লৈ শ শ বিঘা মাটিৰ পট্টা দিয়া হৈছিল ৷ আজি ৰাজহুৱাকৈ হাজাৰ হাজাৰ লোকক আমন্ত্ৰণ কৰি মাটিৰ পট্টা বিতৰণ কৰা হৈছে ৷ এয়াই হৈছে কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত পাৰ্থক্য ৷”- মিছন বসুন্ধৰাৰ উদ্যোগত ৫ হাজাৰৰো অধিক হিতাধিকাৰীক মাটিৰ পট্টা বিতৰণ কৰি ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে আজি এনেদৰে মন্তব্য কৰে ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি কয় যে বৰ্তমান চৰকাৰৰ দিনত তিনি বছৰ নৌহওঁতেই তিনি লাখ ব্যক্তিক মাটিৰ পট্টা বিতৰণ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কৰ্মপটু মুখ্যমন্ত্ৰী ৷ অসমৰ ৪০ % এছটি আৰু ১৬ শতাংশ এছচি লোকে অৰ্থাৎ কোনোধৰণৰ ভেদাভেদ নোহোৱাকৈ আজি সকলোৱে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে । কংগ্ৰেছে ধনী মানুহক মাটিৰ পট্টা দিছিল ৷ কংগ্ৰেছৰ চিন্তা আছিল তুমিও খোৱা মোকো খাবলৈ দিয়া । প্ৰধানমন্ত্ৰীয়ে কৈছে যে দুখীয়াৰ ঘৰলৈ আমি পোহৰ আনি দিম ৷ আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাখ লাখ লোকে মাটিৰ পট্টা লাভ কৰি আহিছে । আগতে দুখীয়াৰ ঘৰত বেমাৰ হ’লে চিকিৎসা কৰিব পৰা নাছিল । স্ত্ৰীয়ে স্বামী হেৰুৱাইছিল, ল’ৰা-ছোৱালী হেৰুৱাইছিল, কিন্তু এইখন চৰকাৰে আয়ুস্মান কাৰ্ডৰ লগতে অটল অমৃত কাৰ্ডৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালক চিকিৎসাৰ বাবদ ৫ লাখ টকা চিকিৎসা সেৱা দিবলৈ সক্ষম হৈছে । এটা সময় আছিল, চাকৰি বজাৰত বিক্ৰী হৈছিল । দুখীয়া মানুহে পূৰ্বে চাকৰি পোৱা নাছিল । কিন্তু এইখন চৰকাৰৰ উদ্যমী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে এক লাখ নিবনুৱাক চাকৰি দিব। ইয়াৰে বৰ্তমান অসমৰ ৯৫ হাজাৰ নিবনুৱাই তামোল এখন কাকো খুৱাব নলগাকৈ চাকৰি পাবলৈ সক্ষম হৈছে । এয়াই হৈছে পৰিৱৰ্তন।- এইদৰে কয় স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি তেওঁ কয়- এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে প্ৰত্যেক ঘৰ দুখীয়া লোকৰ ঘৰত ছ’লাৰ পেনেল লগোৱা হ’ব । ইয়াৰ দ্বাৰা ৰাইজ যথেষ্ট উপকৃত হ’ব ।

বৰ্তমান ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে আঁচনিৰ পিছত আঁচনি ঘোষণা কৰাৰ ফলত সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হ’বলৈ সক্ষম হৈছে৷ ৰাজ্যখনত জলসিঞ্চন, বিদ্যুতৰ সমস্যা আজি সমাধান হ’ল বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । গাম্ভীৰ্যপূৰ্ণ সভাখনত আদৰণী ভাষণ প্ৰদান কৰি শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে যিসকল লোকে বৰ্তমান পট্টা পোৱা নাই তেওঁলোকে চিন্তা কৰিব নালাগে । বসুন্ধৰা ৩ আঁচনিৰ জৰিয়তে আবেদন কৰিলে তেওঁলোকে মাটিৰ পট্টা পাবলৈ সক্ষম হ’ব ৷ মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত, শোণিতপুৰ জিলা অগপৰ সভাপতি ৰাতুল নাথ, ঢেকীয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাসৰ লগতে পাঁচ সহস্ৰাধিক হিতাধিকাৰীৰ লগতে বিজেপিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like