৮ ছেপ্টেম্বৰত মোদী-বাইডেনৰ দ্বিপাক্ষিক বৈঠক
বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰ : দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি ২০ সন্মিলনত অংশগ্রহণৰ বাবে ভাৰত ভ্রমণলৈ অহা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেন আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব ৷ জি২০ সন্মিলনত অংশ লোৱাৰ পূর্বেই মার্কিন ৰাষ্ট্রপতি বাইডেন আৰু ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি হোৱাইট হাউছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ মন কৰিবলগীয়া যে ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত আয়োজিত ৯–১০ ছেপ্টেম্বৰৰ জি ২০ সন্মিলনত অংশগ্রহণৰ বাবে ৰাজধানী চহৰখনত উপস্থিত হ’ব মার্কিন ৰাষ্ট্রপতি বাইডেন৷ ইয়াৰ পিছতে ৮ ছেপ্টেম্বৰত মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে ভাৰতৰ প্রধানমন্ত্রী মোদীৰ সৈতে ঐতিহাসিক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব৷