নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মোদীৰ ঐতিহাসিক শপত

🔹 চুবুৰীয়া ৰাষ্ট্রৰ মুৰব্বীৰ উপস্থিতিত সন্ধিয়া ৭.১৫ বজাত মাহেন্দ্র ক্ষণ
🔹 দিল্লীত অভাৱনীয় নিৰাপত্তা ব্যৱস্থা

বিশেষ বাৰ্তা, ৯ জুন : দেশৰ ৰাজধানী নতুন দিল্লীত গঢ়ি তোলা হৈছে অভাৱনীয় নিৰাপত্তা বেষ্টনী৷ আজি এনডিএ চৰকাৰৰ শপতগ্রহণ৷ ইতিহাস সৃষ্টিৰে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ শপত ল’ব নৰেন্দ্র মোদীয়ে৷ স্বৰাজোত্তৰ ভাৰতত কংগ্রেছৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ পিছত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ শপত ল’ব নৰেন্দ্র মোদীয়ে৷ শপতগ্রহণ কার্যসূচীৰ বাবে ৰাষ্ট্রপতি ভৱনৰ চৌহদ আটকধুনীয়াকৈ সজাই তোলাৰ লগতে গঢ়ি তোলা হৈছে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা৷ ৰাষ্ট্রপতি ভৱন প্রাংগণত আজি সন্ধিয়া ৭.১৫ বজাত আৰম্ভ হ’ব এনডিএ চৰকাৰৰ শপতগ্রহণ কার্যসূচী৷ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱা নৰেন্দ্র মোদীক শপতবাক্য পাঠ কৰোৱাৰ পিছত পর্যায়ক্রমে কেন্দ্রীয় কেবিনেট মন্ত্রীসকলে শপত ল’ব৷ উল্লেখ্য যে যোৱা ৪ জুনত অষ্টাদশ লোকসভা নির্বাচনৰ ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ গঠনৰ মেজিক সংখ্যা অর্জন কৰাৰ পিছত পর্যায়ক্রমে এনডিএৰ বৈঠকত প্রধানমন্ত্রী মোদীক এনডিএৰ নেতা হিচাপে নির্বাচন কৰাৰ সমান্তৰালকৈ সংসদীয় দলৰ নেতা হিচাপেও সর্বসন্মতিক্রমে নির্বাচিত কৰে৷ পৰহি এনডিএৰ প্রতিনিধি দলে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুক চৰকাৰ গঠনৰ দাবী জনোৱাৰ পিছত সন্ধিয়া ৰাষ্ট্রপতিগৰাকীয়ে প্রধানমন্ত্রী মোদীক চৰকাৰ গঠন কৰাৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্রণ জনায়৷ ৰাষ্ট্রপতিৰ আমন্ত্রণৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আজি তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰে শপতগ্রহণ কৰিব৷ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ, শ্রীলংকা, ভূটান, নেপাল, মৰিছাছ আদি দেশৰ মুৰব্বীৰ লগতে মালদ্বীপৰ ৰাষ্ট্রপতিয়েও এই শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰিব৷ ইতিমধ্যে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই শপতগ্রহণ অনুষ্ঠানত অংশ ল’বলৈ নতুন দিল্লীত উপস্থিত হৈছে৷ বিদেশী ৰাষ্ট্রৰ মুৰব্বীৰ লগতে বিকশিত ভাৰতৰ এম্বেছাডৰ, কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী, জনজাতীয় মহিলা, অনাময় কর্মী, অধিবক্তা, চিকিৎসক, শিল্পী, সাংস্কৃতিক কর্মীৰ লগতে প্রায় ৫০জন বিভিন্ন ধর্মৰ নেতাই এই শপতগ্রহণ কার্যসূচীত অংশগ্রহণ কৰিব৷ এছিয়াৰ প্রথম মহিলা লোক’ পাইলট সুৰেখা যাদৱকো এই শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হৈছে৷ উল্লেখ্য যে ২০১৪ চনত বিজেপিয়ে ২৮২খন আসন আৰু ২০১৯ চনত বিজেপিয়ে ৩০৩খন আসন লাভ কৰি এনডিএৰ প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীয়ে কার্যনির্বাহ কৰাৰ পিছত ২০২৪ চনত বিজেপি নেতৃত্বাধীন এনডিৰ হৈ প্রধানমন্ত্রীৰ শপত ল’ব মোদীয়ে৷ ২০২৪ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ বাবে প্রয়োজনীয় ২৭২খন আসন দখল কৰিবলৈ সক্ষম নহ’ল৷ বিজেপি নেতৃত্বাধীন এনডিএই ২৯২খন আসন লাভ কৰি চৰকাৰ গঠন কৰে৷

You might also like