নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপ : ভাৰত–পাক মেচৰ টিকটৰ দাম ডেৰ কোটি

বিশেষ বাৰ্তা, ৯ জুন : এটা টিকটৰ দাম ডেৰ কোটি টকা! চলিত টি–২০ বিশ্বকাপৰ আজি অনুষ্ঠিত হ’বলগীয়া ভাৰত–পাকিস্তানৰ খেলখনৰ এখন বিশেষ আসনৰ মূল্য প্রায় ডেৰ কোটি টকা৷ ‘ত্রিশ নম্বৰ আসন’৷ ২৫২নং ধাৰাটোৰ ২০নং শাৰীত থকা এই আসনৰ টিকটৰ মূল্য ১,৭৫,৪০০ মার্কিন ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাত ১ কোটি ৪৬ লাখ টকা৷ আজি নিউয়র্কৰ নাছাড ষ্টেডিয়ামত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ ষ্টেডিয়ামৰ আসনৰ সংখ্যা ৩৪,০০০৷ আমেৰিকাত চলি থকা টি–২০ বিশ্বকাপক লৈ কোনো অতিৰিক্ত উন্মাদনা নাই৷ অৱশ্যে ভাৰত–পাকৰ মেচক এতিয়াও ক্রিকেটৰ শ্রেষ্ঠ যুঁজ হিচাপে গণ্য কৰা হয় আৰু প্রতিটো টিকটৰ দাম হাজাৰ হাজাৰ টকালৈ বৃদ্ধি পায়৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পুনৰ বিক্রীৰ বাবে মুকলি কৰি দিয়া টিকটৰ মূল্য ৱেবছাহটত ডেৰ কোটিলৈ বৃদ্ধি পায়৷ মূল্য নির্ধাৰণ কৰে বিক্রেতাই৷ আমেৰিকাৰ ক্ষেত্রত আইনগতভাৱে এই পদ্ধতিক ‘ক’লা’ বুলি ক’ব নোৱাৰি৷ ভাৰত–পাক মেচৰ টিকটৰ দাম যে আকাশ স্পর্শ কৰিব, সেয়া ভৱিষ্যদ্বাণী কৰাও হৈছিল৷ দুয়োখন দেশৰ বহু লোক আমেৰিকাত থাকে৷ এতিয়া টিকটৰ বাবে কান্দিছে অনুৰাগীয়ে৷ বাউণ্ডেৰী ক্লাব অংশৰ টিকটৰ মূল্য ১৫০০ মার্কিন ডলাৰ৷ তাত আইচিচিয়ে ডাইমণ্ড ক্লাবৰ টিকটৰ মূল্য ১০ হাজাৰ মার্কিন ডলাৰ নির্ধাৰণ কৰিছে৷ আবেদনৰ জৰিয়তে সেই টিকট পোৱা বহুতেই অধিক দামত পুনৰ বিক্রী কৰি আছে৷ আৰু তাতেই ‘আসন নম্বৰ ত্রিশ’ৰ দাম ডেৰ কোটি টকালৈ বৃদ্ধি পাইছে৷

You might also like