নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান্দৰৰ তাণ্ডৱৰ বাবে অন্ধকাৰ, দেশজুৰি নিষ্প্রদীপ ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ এটা বান্দৰৰ বাবে এখন দেশ অন্ধকাৰত থাকিবলগীয়া হ’ল৷ দ্বীপৰাষ্ট্র শ্রীলংকাৰ ৰাজধানী কলম্বোৰ দক্ষিণ প্রান্তৰ এটা বিদ্যুৎ কেন্দ্রত বান্দৰ প্রৱেশ কৰাৰ বাবেই দেশজুৰি বিদ্যুৎ সংযোগ কর্তন কৰিবলগীয়া হ’ল৷ লক্ষণীয়ভাৱে বিদ্যুৎ কেন্দ্রটোত বান্দৰে প্রৱেশ কৰি তাণ্ডৱ সৃষ্টি কৰাৰ পিছত সমগ্র দেশখনত নিষ্প্রদীপ ঘোষণা কৰা হ’ল৷ অৱশ্যে কিছু সময়ৰ পিছত দ্বীপ ৰাষ্ট্রখনত ২২ নিযুত লোকক বিদ্যুতৰ সুবিধা প্রদান কৰা হয়৷ কিন্তু প্রথমতে হাস্পতাল আৰু পানী বিশুদ্ধকৰণ কেন্দ্রসমূহক অগ্রাধিকাৰ দিয়া হয়৷ দেশখনৰ শক্তিমন্ত্রী কুমাৰা জয়াক’দিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, বান্দৰ এটাই বিদ্যুৎ কেন্দ্রত প্রৱেশ কৰি গ্রিড ট্রেন্সফর্মাৰত তাণ্ডৱ সৃষ্টি কৰাৰ ফলত বিদ্যুৎ যোগান ব্যৱস্থাটোত সৃষ্টি হয় ভাৰসাম্যহীন অৱস্থা৷ এনে পৰিস্থিতিত কালি পুৱা ১১ বজাৰ পৰা নিষ্প্রদীপ ঘোষণা কৰিবলগীয়া হয় চৰকাৰে৷

You might also like