নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰৰ পৰা পলায়ন ডেৰ সহস্রাধিক বন্দীৰ, নিহত ৩৩

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : আফ্রিকান ৰাষ্ট্র মোজাম্বিকত নির্বাচনৰ বিতর্কিত ফলাফলক লৈ ৰাজনৈতিক অস্থিৰতা চলি থকাৰ মাজতে ৰাজধানী মাপুটোৰ এখন কাৰাগাৰৰ পৰা ডেৰ সহস্রাধিক বন্দীয়ে পলায়ন কৰিছে৷ অস্থিৰতাৰ সুযোগ লৈ এই বন্দীসকলে পলায়ন কৰা বুলি দাবী কৰিছে আৰক্ষীয়ে৷ আৰক্ষী মুৰব্বী বার্নাৰডিনো ৰাফেলে সংবাদ সংস্থাক জনোৱা অনুসৰি, কাৰাগাৰখনত বন্দী আৰু ৰক্ষীৰ মাজত হোৱা সংঘর্ষত ৩৩গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ১৫জন আহত হয়৷ লক্ষণীয়ভাৱে ১৫০জন বন্দীক পুনৰ গ্রেপ্তাৰ কৰা হৈছে যদিও অন্য বন্দীসকল পলাতক অৱস্থাত থকা বুলি আৰক্ষী মুৰব্বীগৰাকীয়ে সদৰী কৰিছে৷ উল্লেখ্য যে যোৱা অক্টোবৰ মাহৰ বিতর্কিত ৰাষ্ট্রপতি নির্বাচনত শাসকীয় পেলিমো পার্টী বিজয়ী হোৱা বুলি দেশখনৰ শীর্ষ আদালতে ঘোষণা কৰাৰ পিছৰে পৰা অস্থিৰতা তুংগত উঠিছে৷

You might also like