ডাৱৰ বিস্ফোৰণত বিধ্বস্ত ছিকিমত আবদ্ধ চাৰি সহস্রাধিক পর্যটক
বিশেষ বাৰ্তা, ৯ অক্টোবৰ : জলপ্রলয়ত বিধ্বস্ত ছিকিমৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই৷ যোৱা দুদিন ধৰি গেংটক আৰু পেলিং অঞ্চলৰ পৰা বহু পর্যটক সমতললৈ নামি আহিছে৷ কিন্তু উত্তৰ ছিকিম তথা লাচেন, লাংচু অঞ্চলৰ পৰা পর্যটকসকলক এতিয়াও ওভতাই আনিব পৰা নাই প্রশাসনে৷ বৃষ্টিপাত আৰু প্রতিকূল বতৰৰ বাবে এয়া সম্ভৱ হোৱা নাই বুলি ছিকিম প্রশাসনৰ সূত্রই সদৰী কৰিছে৷ বায়ুসেনাৰ হেলিকপ্টাৰসহ পাঁচখন হেলিপ্টাৰ এতিয়াও মংগন অঞ্চলত আছে৷ এই হেলিকপ্টাৰকেইখন উদ্ধাৰ কার্যত ব্যৱহাৰ কৰিব পৰা নাই৷ সংবাদ সংস্থাই দাবী কৰা অনুসৰি, ছিকিমত এতিয়াও ৪ সহস্রাধিক পর্যটক আবদ্ধ হৈ আছে৷ এই পর্যটকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰৰ বাবে চেষ্টা চলাই আছে প্রশাসনে৷ উল্লেখ্য যে বানত সন্ধানহীন লোকৰ উদ্ধাৰ কার্যতো সফল হ’ব পৰা নাই প্রশাসন৷ অৱশ্যে এতিয়ালৈকে তিস্তাৰ বুকুৰ পৰা ৫৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে৷