নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধবিধ্বস্ত পশ্চিম এছিয়াৰ পৰা উভতিল ৫২ সহস্রাধিক ভাৰতীয়

ডিজিটেল ডেস্ক, ৯ মার্চ : আমেৰিকা আৰু ইজৰাইলে ইৰান আক্রমণ কৰাৰ পৰা উত্তপ্ত হৈ আছে পশ্চিম এছিয়া৷ এই পৰিস্থিতিত ভাৰতীয়সকলক নিৰাপদে দেশলৈ ওভতাই আনিবলৈ তৎপৰ হৈছে বিদেশ মন্ত্রালয়৷ বিদেশ মন্ত্রালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে এই সন্দর্ভত জনায় যে ভাৰত চৰকাৰে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ পৰিস্থিতিৰ ওপৰত নিয়মীয়াকৈ নজৰ ৰাখিছে৷ বিশেষকৈ ট্রেনজিটত আবদ্ধ হৈ পৰা বা কম সময়ৰ বাবে ভ্রমণলৈ যোৱা ভাৰতীয় নাগৰিকসকলক সুৰক্ষা প্রদানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে৷ তদুপৰি উপসাগৰীয় অঞ্চলত ভাৰতীয় নাগৰিকসকল যাতে কোনো সমস্যাত পৰিবলগীয়া নহয়, তাৰ বাবেই তৎপৰ দূতাৱাস আৰু উপ–দূতাৱাসসমূহ৷

এক বিবৃতিযোগে তেওঁ জনায় যে পহিলা মার্চৰ পৰা ৭ মার্চৰ ভিতৰত ৫২ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক উপসাগৰীয় অঞ্চলৰ পৰা নিৰাপদে দেশলৈ ওভতাই অনা হৈছে৷ মুঠ ৫২ হাজাৰ ভাৰতীয়ৰ ভিতৰত ৩২,১০৭জনক ভাৰতীয় বিমানেৰে আৰু বাকীসকলক বিদেশী বিমানেৰে ওভতাই অনা হৈছে৷ যোৱা কিছুদিনৰ পৰা এই অঞ্চলৰ আকাশ পথ আংশিকভাৱে খুলি দিয়াত নিয়মীয়া আৰু বিশেষ চার্টার্ড বিমান চলোৱাটো সম্ভৱ হৈছে৷ আগন্তুক দিনত আৰু অধিক বিমান চলোৱাৰ পৰিকল্পনা কৰা হৈছে৷

বিবৃতিটোত লগতে কোৱা হৈছে যে সংশ্লিষ্ট অঞ্চলৰ সকলো ভাৰতীয় নাগৰিককে স্থানীয় প্রশাসন তথা ভাৰতীয় দূতাৱাস বা উপ–দূতাৱাসৰ নির্দেশিকা মানি চলাৰ পৰামর্শ দিয়া হৈছে৷ প্রতিটো দূতাৱাসতে ২×৭ হেল্পলাইন নম্বৰ আৰম্ভ কৰা হৈছে৷ তদুপৰি নতুন দিল্লীত এটা স্পেচিয়েল কন্ট্ৰ’ল ৰুম খোলা হৈছে৷

You might also like