৮০০ বছৰীয়া মঠ সংৰক্ষণত গুৰুত্ব মস্কোৰ
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ কোকেছাছ পর্বতৰ দুর্গম গাঁও ডাডিভাংকত ৮০০ বছৰীয়া পুৰণি এক মঠ সংৰক্ষণৰ বাবে ৰাছিয়ান সেনা উপস্থিত হোৱা বিষয়টোক আদৰণি জনাইছে গাঁওখনৰ বাসিন্দাসকলে৷ এগৰাকী আর্মেনিয়ান ধর্মযাজক হোভহেনছে ৰুছ বাহিনীক শুভেচ্ছা জ্ঞাপন কৰি কৈছে যে এই পুৰণি মঠটো সংৰক্ষণৰ খুবেই প্রয়োজন৷ ৰুছ বাহিনীয়ে প্রাচীন এই ঐতিহ্যপূর্ণ স্থান ধ্বংসৰ পৰা ৰক্ষা কৰাটো কর্তব্য বুলি বিবেচনা কৰিছে৷
উল্লেখনীয় যে নাগর্নো–কাৰাবাখ অঞ্চলৰ বিবাদক কেন্দ্র কৰি এই প্রাচীন মঠটোৰ ওপৰত চলিছে ধ্বংসযজ্ঞ৷ কিন্তু ৰাছিয়াই অঞ্চলটোত শান্তি প্রতিষ্ঠাৰ বাবে প্রেৰণ কৰিছে ২০০০ সৈনিক৷ এই দুই হাজাৰ শান্তিৰক্ষীয়ে এতিয়া আর্মেনিয়া–আজেৰবাইজান্ সীমান্তৰ ডাডিভাংক গাঁৱৰ ঐতিহ্য ৰক্ষাত মনোনিৱেশ কৰিছে৷ স্মর্তব্য যে কোকেছাছ পার্বত্য অঞ্চলত বহু প্রাচীন মঠ আছে৷ এইবোৰ স্থানীয় বাসিন্দাসকলে শতিকাৰ পিছত শতিকা ধৰি সংৰক্ষণ কৰি আছে৷