নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ জাপানৰ চিৰিয়াখানাত হাতী পোৱালিৰ জন্ম

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ  জাপানৰ আটাইতকৈ পুৰণি চিৰিয়াখানা ‘উৱেনো জুল’জিকেল গার্ডেনছ’ত ১৩৮ বছৰ পিছত প্রথমবাৰলৈ এটা হাতীয়ে পোৱালি জন্ম দিছে৷ লক্ষণীয়ভাৱে চিৰিয়াখানাখন প্রতিষ্ঠা কৰা হৈছিল ১৩৮ বছৰ পূর্বেই৷ অর্থাৎ প্রতিষ্ঠাকালৰ পৰা এই চিৰিয়াখানাত কোনো হাতীয়ে পোৱালি জন্ম দিয়া নাছিল৷

৩১ অক্টোবৰত এটি মতা পোৱালি জন্ম হোৱা বুলি চিৰিয়াখানা কর্তৃপক্ষই কালি সদৰী কৰিছে৷ স্মর্তব্য যে ২০০২ চনত এই পোৱালিটোৰ মাতৃ আউথী আৰু পিতৃ আর্টিড’ক থাইলেণ্ডে উপহাৰ হিচাপে দিছিল জাপানক৷ জাপানৰ সম্রাট নাৰুহিট’ আৰু সম্রাজ্ঞী মাছাকাৰ একমাত্র দুহিতা ৰাজকুমাৰী আইক’ৰ জন্মদিনত থাইলেণ্ডে এই হাতী দুটা জাপানৰ চিৰিয়াখানালৈ আগবঢ়াইছিল৷ স্মর্তব্য ১৮৮২ চনত প্রতিষ্ঠা হোৱা উৱেনো চিৰিয়াখানাত ১৩৮ বছৰ পিছত উছৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷

ইতিমধ্যে টকিঅ’স্থিত ৰয়েল থাই দূতাৱাসৰ পৰা এই হাতী পোৱালিটোৰ নাম অনলাইনযোগে প্রেৰণ কৰিবলৈ অনুৰাগীসকলক আহ্বান জনাইছে৷ চিৰিয়াখানা কর্তৃপক্ষই অনুৰাগীৰ পৰা নাম অহাৰ পিছত তাৰ পৰা এটি নাম পছন্দ কৰি পোৱালিটোক নামকৰণ কৰিব৷ জন্মৰ সময়ত এই হাতী পোৱালিটোৰ ওজন আছিল ১২০ কেজি আৰু ইয়াৰ উচ্চতা আছিল প্রায় ১০০ চেণ্টিমিটাৰ৷ অৱশ্যে এই পোৱালিটোৰ পিতৃ আর্টিৰ ২৩ বছৰ বয়সত যোৱা আগষ্ট মাহত মৃত্যু হৈছে৷

You might also like