বেচৰকাৰীকৰণৰ পথত দেশৰ অধিকসংখ্যক ৰাষ্ট্রীয় বেংক
🔹 প্রধানমন্ত্রীৰ আর্থিক উপদেষ্টা সন্যালৰ ইংগিত
বিশেষ বাৰ্তা, ১৩ অক্টোবৰ : “দেশৰ অধিকসংখ্যক ৰাষ্ট্রীয় বেংক বেচৰকাৰীকৰণ হ’ব ! প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আর্থিক উপদেষ্টা মণ্ডলীৰ সদস্যৰ কথাতেই এই ইংগিত পোৱা গ’ল৷ প্রধানমন্ত্রীৰ আর্থিক উপদেষ্টা মণ্ডলীৰ সদস্য সঞ্জীৱ সন্যালে উল্লেখ কৰিছে যে আগন্তুক দিনত চাৰিটা ৰাষ্ট্রীয় সংস্থা জীৱিত থাকিব ৷ এই সংস্থাকেইটাই ভাৰতৰ অর্থনীতিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ এক সাক্ষাৎকাৰত সঞ্জীৱ সন্যালে উল্লেখ কৰা অনুসৰি ভৱিষ্যৎ দিনত দেশত চাৰিটা ৰাষ্ট্রীয় বেংকহে থাকিব৷ বেংকিং ব্যৱস্থাত এই চাৰিটা বেংকে গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ সঞ্জীৱ সন্যালে উল্লেখ কৰা অনুসৰি, বেংকিং ব্যৱস্থাত বেচৰকাৰী অংশীদাৰী বৃদ্ধি পোৱাটো জৰুৰী হৈ পৰিছে৷ তথাপি চৰকাৰৰ হাতত বেংকিং ছেক্টৰৰ এটা অংশ নিয়ন্ত্রণ ৰখাৰ ওপৰত গুৰুত্ব দিছে সন্যালে৷ লক্ষণীয়ভাৱে বেংকিং ছেক্টৰত আহি পৰা বেচৰকাৰীকৰণক লৈ ইতিমধ্যে দেশজুৰি সৃষ্টি হৈছে বিক্ষোভ৷