নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত পৃত্থিৰ ৰেকৰ্ডেৰে মুম্বাইৰ ৰানৰ পাহাৰ : প্ৰত্যয়জনক আৰম্ভণি অসমৰ

বিশেষ বাৰ্তা, ১১ জানুৱাৰীঃ মুম্বাইৰ বিপক্ষে খেলি থকা ৰঞ্জি ট্রফীৰ এলিট গ্রুপ বিৰ মেচখনত প্রত্যয়জনক আৰম্ভণি কৰিছে ঘৰুৱা দল অসমে৷ গুৱাহাটীৰ আমিনগাঁও ক্রিকেট গ্রাউণ্ডত চলি থকা মেচখনত মুম্বায়ে চাৰি উইকেটত ৬৮৭ ৰান কৰি প্রথম ইনিংছ ঘোষণা কৰাৰ প্রত্যুত্তৰত অসমে আজি প্রথম ইনিংছ মুকলি কৰিবলৈ আহি দ্বিতীয় দিনৰ খেলৰ অন্তলৈকে এটা উইকেট হেৰুৱাই ১২৯ ৰান সংগ্রহ কৰিছে৷ দিনান্তত ৰাহুল হাজৰিকাই ৬০ আৰু ঋষভ দাসে ২৬ ৰান কৰি ক্রিজত আছে৷ অ’পেনাৰ শুভম মণ্ডলে ৪০ ৰান কৰি বিদায় লয়৷ দলীয় স্ক’ৰ ৭৯ ৰানত অসমে প্রথমটো উইকেট হেৰুৱায়৷ হাতত ৯টা উইকেট থকা অৱস্থাত অসমে মুম্বাইৰ প্রথম ইনিংছৰ ৰানতকৈ এতিয়াও ৫৫৮ ৰানত পিছ পৰি আছে৷ ইয়াৰ পূর্বে প্রথম দিনা দুই উইকেটত কৰা ৩৯৭ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি মুম্বায়ে আজি চাৰি উইকেটত ৬৮৭ ৰান কৰি প্রথম ইনিংছ ঘোষণা কৰে৷ প্রথম দিনা ২৪০ ৰানত বেটিং কৰি থকা অ’পেনাৰ পৃথ্বি শ্বই আজিও চমকপ্রদ বেটিং দাঙি ধৰি ত্রিশতক অর্জন কৰে৷ বেটাৰগৰাকীয়ে ৩৭৯ ৰানত ৰিয়ান পৰাগৰ বলত এল বি ডব্লিউ হৈ পেভিলিয়নমুখী হয়৷ শ্বৰ ৩৮৭টা বলৰ ইনিংছটোত আছিল ৪৯টা চাৰি আৰু চাৰিটা ৬৷  প্রথম দিনা ৭৩ ৰানত অপৰাজিত হৈ থকা অধিনায়ক আজিংক্য ৰাহানেই আজি শতকীয় ইনিংছ খেলে৷ ৰাহানেই ১৯১ ৰানৰ গুৰুত্বপূর্ণ ইনিংছ খেলে৷ ৰিয়ান পৰাগে সর্বাধিক দুটা উইকেট লাভ কৰাৰ লগতে মুখতাৰ হুছেইনে এটা উইকেট লাভ কৰে৷

ৰঞ্জি ট্রফীত সর্বকালৰ সর্বাধিক ৰানৰ দ্বিতীয় স্থানত পৃথ্বি শ্ব

অসমৰ বিপক্ষে গুৱাহাটীৰ আমিনগাঁও ক্রিকেট গ্রাউণ্ডত চলি থকা ৰঞ্জি ট্রফীৰ মেচখনত দুর্দান্ত ৩৭৯ ৰান কৰি পৃথ্বি শ্বই ৰঞ্জি ট্রফীত সর্বকালৰ সর্বাধিক ৰান কৰা দ্বিতীয়গৰাকী বেটাৰ হিচাপে গৌৰৱ অর্জন কৰে৷ বেটাৰগৰাকীয়ে ৩৩ বছৰ পূর্বে মুম্বাই দলটোৰ সঞ্জয় মঞ্জেৰকাৰে কৰা সর্বাধিক ৰানৰ অভিলেখটো ভংগ কৰি আজি ৰঞ্জি ট্রফীত সর্বকালৰ সর্বাধিক ৰান কৰা বেটাৰৰ তালিকাৰ দ্বিতীয় স্থানটো অধিকাৰ কৰে৷ মঞ্জেৰকাৰে ১৯৯০–৯১ চনত হায়দৰাবাদৰ বিপক্ষে খেলা ৰঞ্জি ট্রফীৰ মেচখনত ৩৭৭ ৰানৰ দুর্দান্ত ইনিংছ খেলিছিল৷ মন কৰিবলগীয়া যে ভাৰতৰ আগশাৰীৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতাখনত সর্বকালৰ সর্বাধিক ৰান কৰাৰ অভিলেখটো মহাৰাষ্ট্রৰ বি বি নিম্বলকাৰৰ নামত আছে৷ নিম্বলকাৰে ১৯৪৮–৪৯ চনত সৌৰাষ্ট্রৰ বিপক্ষে ৪৪৩ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল৷

You might also like